![]()
নিউজ ডেক্স:
আজি কাৰ্গিল বিজয় দিবস।এই দিনটো এক স্মৰণীয় দিন। প্ৰতিবছৰে ২৬ জুলাইৰ দিনটো পালন কৰা হয় কাৰ্গিল বিজয় দিৱস হিচাপে।এই দিনটোতে দেশমাতৃৰ বাবে যুঁজি ছহিদ হৈছিল বহু ভাৰতীয় বীৰ সেনা।প্ৰায় দুমাহ ধৰি চলিছিল কাৰ্গিল যুদ্ধ।

২৬ জুলাই, ১৯৯৯ চনত অথাৎ ২১ বছৰ পূৰ্বে এই দিনটোতে পাকিস্তানী সেনাক পৰাভূত কৰি যুদ্ধত বিজয়ী হৈছিল ভাৰতী সেনা বাহিনী। পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনা বাহিনীৰ এই যুদ্ধক নাম দিয়া হয় ‘অপাৰেচন বিজয়’।

প্ৰায় দুমাহ ধৰি চলিছিল কাৰ্গিলৰ যুদ্ধ। ৫২৭জন বীৰ সেনাৰ বলিদানৰ অন্তত অৱশেষত পাকিস্তানী সেনাক পিছুৱাই যাবলৈ বাধ্য কৰিছিল ভাৰতীয় সেনা বাহিনীয়ে। মে’–জুলাই মাহৰ মাজত হৈছিল এই যুদ্ধ। ভাৰতীয় সেনাক এই যুদ্ধত সহায় কৰিছিল বায়ুসেনায়ো। ১৯৯৯ চনৰ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ সমাপ্তি উপলক্ষে ২৬ জুলাইৰ দিনটো পালন কৰা হয় কাৰ্গিল বিজয় দিবস হিচাপে।












