![]()
নিউজ ডেস্ক:
এজন মুছলিম ব্যক্তি ছত্তিশগড়ৰ চান্দখুৰিৰ পৰা ৮০০ কিলোমিটাৰ পথ খোজকাঢ়িছে অযোধ্যাত ৰাম মন্দিৰৰ ভূমিপূজাৰ অনুষ্ঠানত ৫ আগষ্টত যোগ দিবলৈ বুলি। এইগৰাকী মুছলিম ব্যক্তিয়ে সেইখন ঘাঁৱৰ পৰা যাত্রা আৰম্ভ কৰিছে যখন গাঁৱত ভগৱান ৰামৰ মা কৌশল্যাই জন্মগ্রহণ কৰিছিল।

মোহাম্মদ ফয়েজ খান, যি বর্তমান মধ্যপ্রদেশৰ অনুপপুৰত উপস্থিত হৈছে তেওঁ সংবাদ মাধ্যমক জনায়, “মই মোৰ নাম আৰু ধর্মৰ ফালৰ পৰা এজন মুছলিম কিন্তু মই ভগৱান ৰামৰ ভক্ত। আমাৰ পূর্বপুৰুষসকল হিন্দু আছিল। তেওঁলোকৰ নাম হ’ব পাৰে ৰামলাল বা শ্যামলাল। আমি যিমানেই গীর্জা বা মছজিদলৈ নাযাওঁ কিয় আমি সকলোৱেই হিন্দু বংশোদ্ভূত।”
তেওঁ কয়, “আমাৰ প্রধান পূর্বপুৰুষ হ’ল ভগৱান ৰাম। আল্লামা ইকবালে (পাকিস্তানৰ ৰাষ্ট্ৰীয় কবি) এনেদৰে ব্যাখ্যা কৰাৰ চেষ্টা কৰিছিল, য’ত তেওঁ কৈছিল যে যাৰ নিখুঁত দর্শন আছে তেওঁ ভগৱান ৰামক ভাৰতৰ প্রভু হিচাবে বিবেচনা কৰিব। এই শ্রদ্ধাৰ সৈতে, মই চান্দখুৰি কৌশল্যাৰ জন্মভূমিৰ পৰা অযোধ্যালৈ আহিছো ৰাম মন্দিৰৰ ভূমিপূজাৰ অনুষ্ঠান যোগদান কৰিবলৈ।
তেওঁ দাবী কৰে যে, তেওঁ ১৫ হাজাৰ কিলোমিটাৰ খোজকাঢ়ি বিভিন্ন মন্দিৰলৈ গৈছে আৰু আনকি তাত আছেও। মোহাম্মদ ফয়েজ খানে কয়, “এয়াই প্রথম নহয় যে মই মন্দিৰলৈ খোজকাঢ়ি আহিছো। মই ১৫ হাজাৰ কিঃমিঃ খোজকাঢ়িছো আৰু মন্দিৰ আৰু মঠত থাকি আহিছো। কোনোৱে মোৰ বিৰুদ্ধে এটা কথাও কোৱা নাই। এই যাত্রা মাত্র ৮০০ কিলোমিটাৰৰ।” তেওঁ লগতে কয় যে “পাকিস্তানে ৰাম মন্দিৰ নির্মাণ উপলক্ষে ভাৰতত সাম্প্রদায়িক উত্তেজনা সৃষ্টি কৰাৰ চেষ্টা কৰিছে।”












