![]()
নিউজ ডেস্ক:
এই ঘোৰ কলিযুগত যেন সকলোৱেই সম্ভৱ। একাধিক সময়ত দেখা যায় স্বামী বা পত্নী দুয়োৱে এজনৰ সৈতে অবৈধ সম্পর্কত জড়িত হৈ পৰে। বৰ্তমান সময়ত এইবোৰ ঘটনা একো নতুন নহয়। কিন্তু একেলগে ১৪জন পুৰুষৰ সৈতে অবৈধ সম্পর্ক স্থাপন কৰা সঁচাকৈয়েই এক দুর্লভ কৃতিত্ব! আৰু এই অনৈতিক কৃতিত্ব সৃষ্টি কৰি এতিয়া ডাঙৰ বিপদত পত্নী। ১০০ কোটি টকাৰ জাননী তেওঁৰ ডিঙিত ওলোমাই দিলে স্বয়ং স্বামীয়ে।
আৰু এনেকুৱাই চাঞ্চল্যকৰ ঘটনা ঘটিল কলকাতাত। ব্যৱসায়ী ৰাজীৱ জৈনে বহু দিন ধৰি অবৈধ সম্পর্কৰ সন্দেহ কৰিছিল তেওঁৰ পত্নী ৰেশমী জৈনৰ ওপৰত। আৰু সেই সন্দেহেই সঁচা হ’ল। একেলগে ১৪ জন পুৰুষৰ সৈতে সম্পর্ক বজায় ৰাখিছিল ৰেশমীয়ে। অবাক কৰাৰ বিষয়, এই ১৪ জনেই জৈন সম্প্রদায়ৰ লোক। বিপুল অর্থ আৰু ক্ষমতাৰ অধিকাৰী এই পুৰুষসকলৰ সৈতেই অবৈধ সম্পর্কত লিপ্ত আছিল ৰেশমী।
কিন্তু এই অনৈতিকতাৰ উত্তৰ ভালদৰেই দিয়ে ৰাজীৱে। ১৪ জন পুৰুষকে এজন এজনকৈ মানহানিৰ জাননী পঠিয়াইছে তেওঁ। যি সকলো মিলি হৈছে ১০০ কোটি টকা। মানহানিত তেওঁ জনাইছে, “মই জানিব পাৰিছো আপুনি মোৰ পত্নীৰ সৈতে গোপনে শাৰীৰিক সম্পর্কত জড়িত হৈ আছে। আপোনালোক সকলোৱে জানে যে তেওঁ বিবাহিত। আপোনালোকৰ বহুতেই মোক তেওঁৰ স্বামী হিচাবে চিনি পায়। আপোনালোকৰ এনে অনৈতিক কার্যকলাপত সমাজত আমাৰ বৈবাহিক জীৱন নষ্ট হৈছে। সমাজত মোৰ মান আৰু সন্মান নষ্ট হৈছে। সেয়ে মানহানিৰ আইন অনুযায়ী, আপোনালোক সকলোৱে মোক ১০০ কোটি টকা দিব লাগিব অহা দুই সপ্তাহৰ ভিতৰত। সেয়া নিদিলে, প্রয়োজনীয় ব্যৱস্থা লোৱা হ’ব।”
এতিয়া এই ঘটনাটিয়ে কেৱল কলকাতাতে নহয়, সমগ্ৰ দেশত বিয়পি পৰিছে ছচিয়েল মিডিয়াৰ জৰিয়তে। অভিযুক্ত ১৪ জন পুৰুষসহ পত্নীৰ নাম আৰু মুখৰ ছবি চলি আছে ছচিয়েল মিডিয়াত। এতিয়া এইটোৱে লক্ষণীয় হ’ব, আচলতে ৰেশমীৰ এই ১৪ জন প্রেমিকে নিজৰ ভালপোৱা বচাবৰ বাবে ৰাজীৱক ১০০ কোটি টকা দিয়ে নে নিদিয়ে!












