![]()
নিউজ ডেস্কঃ
মন্দিৰ-মছজিদৰ মালিকানাক লৈ দীর্ঘদিনৰ টনা-আঁজোৰাৰ পিছত অযোধ্যাৰ বিতর্কিত ভূমিত মন্দিৰ মিৰ্মাণত অনুমতি লাভ কৰিছে। ভবিষ্যতে যাতে ইয়াকে লৈ আৰু বিতর্ক সৃষ্টি নহয়, তাৰ বাবে এইবাৰ মন্দিৰৰ নির্মাণস্থলীত ৰাম জন্মভূমিৰ ইতিহাস আৰু সেই সংক্রান্তীয় তথ্য সম্বলিত এটি টাইম কেপছুল ৰখা হ’ব।
অহা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভেটি স্থাপন কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। তাকে লৈ তীব্ৰগতিত আয়োজনৰ মাজতেই টাইম কেপছুলৰ কথা ৰাজহুৱা কৰিলে ৰাম জন্মভূমি তীর্থক্ষেত্র ট্রাষ্টৰ সদস্য কামেশ্বৰ চৌপালে। ইয়াৰ ফলত ভবিষ্যতে মন্দিৰৰ ইতিহাস অধ্যয়নত কোনো সমস্যা নহ’ব বুলিও তেওঁ মত প্ৰকাশ কৰে।
সংবাদ সংস্থা এএনআইক দিয়া সাক্ষাৎকাৰত কামেশ্বৰ চৌপালে কয়, ‘ৰাম জন্মভূমিক লৈ দীর্ঘ সংগ্রাম আৰু ছুপ্রিম কোর্টত দীর্ঘ আইনী যুঁজ, বর্তমান আৰু ভবিষ্যৎ প্রজন্মক যথেষ্ট শিক্ষা দিছে।
ৰাম মন্দিৰৰ নির্মাণস্থলীত, মাটিৰ ২০০০ ফুট তলত এটি টাইম কেপছুল ৰখা হ’ব, যাতে ভবিষ্যতে যদি কোনোৱে মন্দিৰৰ ইতিহাস অধ্যয়ন কৰিবলৈ বিচাৰে, তেতিয়া তেওঁ যেন ৰাম জন্মভূমি সংক্রান্তীয় যাৱতীয় তথ্যাদি হাততে পায় আৰু তাক লৈ নতুন কোনো বিতর্ক সৃষ্টি নহয়।’’ মাটিৰ তলত এটি তামৰ পাত্রত এই যাৱতীয় তথ্যাদি ৰখা থাকিব বুলি জনায় তেওঁ।












