![]()
নিউজ ডেস্কঃ
ক’ৰোনাক পৰাজিত কৰি অৱশেষত ঘৰলৈ উভতিল ঐশ্বৰ্যা-আৰাধ্যা। সোমবাৰে মুম্বাইৰ নানাৱতী হস্পিটেলৰ পৰা ৰিলিজ পায় মাতৃ আৰু জীয়াৰীয়ে। তাৰ পৰা পোনে পোনে নিজৰ ঘৰ ‘জলসা’লৈ যায় তেওঁলোক। অৱশ্যে পূৰ্বতকৈ শাৰীৰিক অৱস্থা উন্নত হ’লেও, এতিয়াও হস্পিটেলতেই আছে অমিতাভ বচ্চন আৰু অভিষেক বচ্চন।
আজি হস্পিটেলৰ পৰা নিজেই পত্নী-কন্যা সুস্থ হৈ উঠাৰ কথা জনায় অভিষেকে। টুইটাৰত তেওঁ লিখে, ‘‘অবিৰত প্রার্থনা আৰু শুভেচ্ছাৰ বাবে আপনালোক সকলোকে ধন্যবাদ। চিৰদিন আপোনালোকৰ ওচৰত ঋণী হৈ থাকিম।
সৌভাগ্যবশতঃ ঐশ্বর্যা আৰু আৰাধ্যাৰ ৰিপোর্ট নেগেটিভ আহিছে। হস্পিটেলৰ পৰা ৰিলিজ দিয়া হৈছে তেওঁলোকক। ঘৰলৈ যাব তেওঁলোক। পিতৃ আৰু মই এতিয়াও হস্পিটেলত চিকিৎসা কর্মীসকলৰ তত্ত্বাৱধানত আছো।












