![]()
নিউজ ডেক্স:
আমি বহু সাধু- সন্যাসীৰ বহু ধৰণৰ আচৰিত বা অলৌকিক গল্প, সাধু শুনিছো, পঢ়িছো কিতাপত৷ তেনে ক্ষমতাক বহুতে স্বচক্ষে প্ৰত্যক্ষ কৰা নাই ৷ কিন্তু এইবাৰ তেনে একধৰণৰ এক অমানৱিক দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাত চকু কঁপালত উঠিছে নেট জগতবাসীৰ ৷
সাধু- সন্যাসী সকলৰ জীৱনৰ অধিকাংশই ধ্যান – সাধনাত কাটি যায় ৷ তেওঁলোকে মানুহৰ চকুৰ আঁতৰত থাকিয়েই ভাল পায় ৷ সেয়ে তেওঁলোক বসবাস কৰিবলৈ বাছি লয় অটব্য অৰণ্য বা দূৰ্ভেদ্য পাহাৰ ৷ কিন্তু তাত কঠোৰ প্ৰকৃতিৰ সৈতে কিদৰে যুঁজ দি জীয়াই থাকে তেওঁলোকে ? সেই কথা জানিবলৈ বহুতেই আগ্ৰহী ৷
এই ভাইৰেল ভিডিঅ’ত তেনে এক দৃশ্যই পৰিলক্ষিত হৈছে ৷ ভাইৰেল ভিডিঅ’টোত দেখা গৈছে এটা থিয় পোন পাহাৰ ৷ য’ত এজন প্ৰশিক্ষিত পৰ্বতাৰোহীক ৰছীৰ সহায়ত উঠিব লগা হৈছে ৷ কিন্তু একেপথেৰে ৰছী অবিহনেই বেগাই বগাইছে এজন গেৰুৱা বস্ত্ৰধাৰী সন্যাসী ৷
দৃশ্য চাই আচৰিত হয় প্ৰশিক্ষিত পৰ্বতাৰোহীজন ৷ ভিডিঅ’টো পষ্ট হোৱাৰ লগে লগে ভাইৰেল হৈ পৰে ৷ এতিয়ালৈকে ৩,৫০০বাৰ ৰিটুইট কৰা হৈছে ৷ সমান্তৰালকৈ ৩,১৩,৯০০ গৰাকীয়ে ভিডিঅ’টো পছন্দ কৰিছে ৷ মুঠ ভিউৱাৰ ৭ মিলিয়ন অতিক্ৰম কৰিছে ৷ এই ভাইৰেল ভিডিঅ’ চাই আপুনিও অবাক হৈ পৰিব ৷












