![]()
নিউজ ডেস্ক:
সোমবাৰে কলকাতা, মুম্বাই আৰু নয়ডাত কোভিড পৰীক্ষাৰ বাবে তিনিটা হাইটেক লেবৰ (Covid-19 Testing Labs) উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। উদ্বোধনৰ পিছত দিয়া নিজৰ সম্বোধনত মোদীয়ে কয়, দেশৰ কোটি কোটি নাগৰিকে ক’ৰোনাৰ বিৰুদ্ধে বীৰৰ দৰে যুঁজিছে।
আজি যি হাইটেক স্টেট অব আর্ট টেস্টিং ফেচিলিটিৰ শুভাৰম্ভ হ’ল, তাৰ ফলত পশ্চিমবঙ্গ, মহাৰাষ্ট্র আৰু উত্তৰ প্রদেশক কৰোনাৰ বিৰুদ্ধে যুঁজাৰ বাবে আৰু শক্তি দিব।প্রধানমন্ত্রী মোদীয়ে কয়, দিল্লী-এনচিআৰ, মুম্বাই আৰু কলকাতা আর্থিক গতিবিধিৰ কেন্দ্র। তাত লৈ দেশৰ লক্ষ লক্ষ যুৱকে নিজৰ কেৰিয়াৰ আৰু স্বপ্নক পূর্ণ কৰিবলৈ যায়।
এইবাৰ এই তিনি স্থানত টেস্টৰ যি উপলব্ধ কেপাচিটি আছে, তাত ১০ হাজাৰ টেস্টৰ কেপাচিটি আৰু যুক্ত হ’ল। প্রধানমন্ত্রীয়ে কয়, হাইটেক লেবছ কেৱল কৰোনাৰ টেস্টিং পর্যন্ত সীমিত নাথাকিব। ভবিষ্যতে Hepatitis B আৰু C, HIV, ডেঙ্গু সমন্বিতে অন্যান্য ৰোগৰ টেস্টিংৰ বাবে এই লেবসমূহত সুবিধা উপলব্ধ থাকিব। প্রধানমন্ত্রীয়ে কয়, এই টেস্টিং লেবসমূহৰ ফলত পশ্চিমবঙ্গ, মহাৰাষ্ট্র আৰু উত্তৰ প্রদেশত ক’ৰোনাৰ যুঁজত নতুন মাত্ৰা পাব।
প্ৰধানমন্ত্ৰী মোদীয়ে কৰোনাৰ বিৰুদ্ধে যুঁজত ভাৰতে দ্রুত গতিত কাম কৰাৰ বিষয়ে কয়, আইছ’লেচন কেন্দ্ৰ, কোভিড হস্পিটেল, টেস্টিং, ট্রেসিং আৰু ট্র্যাকিংৰ সৈতে যুক্ত নেটৱর্কত ভাৰতে খুব দ্রুত গতিত নিজৰ ক্ষমতা বিস্তাৰ কৰিছে। তেওঁ কয়, আজি ভাৰতত ১১ হাজাৰৰ বেছি কোভিড সুবিধা উপলব্ধ, ১১ লক্ষৰ বেছি আইছ’লেচন বেড আছে।
তেওঁ কয়, জানুৱাৰী মাহত আমাৰ দেশত কৰোনাৰ পৰীক্ষাৰ বাবে মাত্র এটি কেন্দ্ৰ আছিল। এতিয়া ১ হাজাৰ ৩০০টা লেবে কাম কৰিছে। এতিয়া ভাৰতত প্ৰতিদিনে পাঁচ লক্ষৰ বেছি টেস্ট হৈছে। আগন্তুক কেইদিনমানৰ ভিতৰত মধ্যে এই টেস্টৰ সংখ্যা বাঢ়ি ১০ লক্ষ প্রতিদিনে হৈ যাব।












