![]()
নিউজ ডেস্কঃ
পাকিস্তানত ক’ৰোনা ভাইৰাছত ২ লাখ ৭৪ লোক আক্রান্ত হৈছে। কিন্তু পাকিস্তানৰ এগৰাকী ১০৩ বছৰীয়া ব্যাক্তিয়ে ক’ৰোনাক পৰাজিত কৰিছে। ব্যক্তিগৰাকীয়ে এতিয়া সমগ্ৰ বিশ্বত ক’ৰোনাক পৰাজিত কৰি সুস্থ হৈ উঠা সকলোতকৈ বয়স্ক মানুহৰ তালিকাত প্রথম স্থান অধিকাৰ কৰিছে। সকলোকে অবাক কৰা কথাটো হ’ল, তেওঁ সম্প্রতি পঞ্চম বিবাহ কৰাইছে।

১০৩ বছৰ বয়সীয়া এই ব্যক্তিজনৰ নাম আজিজ আব্দুল আলিম। আজিজে ক’ৰোনাক পৰাজিত কৰি সুস্থ হৈ উঠাত কেৱল তেওঁৰ পৰিয়ালেই নহয়, সমগ্ৰ দেশ অবাক হৈ গৈছে। কাৰণ এই বয়সত শৰীৰৰ ইমিউনিটি শক্তি বহু কমি যায়। তথাপিও আজিজ সুস্থ হৈ উঠিছে। জুলাই মাহৰ প্রথমৰ ফালে আজিজ ক’ৰোনাত আক্রান্ত হৈছিল।
তেওঁক তৎকালে হস্পিটেলত ভর্তি কৰোৱা হয়। প্রায় তিনি সপ্তাহ পিছত আজিজ সম্পূর্ণ সুস্থ হৈ ঘৰলৈ উভতে। আজিজ পাকিস্তানৰ পাহাৰীয়া এলেকা চিত্রাল জিলাৰ বাসিন্দা। আৰু আফগানিস্তান সীমান্তত তেওঁৰ ঘৰ। আজিজে জনায়, ১০৩ বছৰ বয়সত তেওঁ বহু সমস্যাৰ সন্মুখীন হৈছে। আৰু এটি ভাইৰাছে তেওঁৰ একোৱেই কৰিব নোৱাৰে।

ভাইৰাছে তেওঁক ভয় খুৱাবও নোৱাৰে বুলি জনায় আজিজে। চিকিতসকে হস্পিটেলৰ পৰা ঘৰলৈ উভতাৰ পিছত তেওঁক পৃথকে থকাৰ কথা কৈছিল। কিন্তু আজিজে সেয়া কৰা নাই বুলিও জনায়। আজিজে কয়, মই মোৰ পৰিয়ালৰ সৈতেই থাকিম। কাৰোপৰা পৃথকে থকাৰ কোনো প্রশ্নই নুঠে।
আজিজে নিজৰ তিনিগৰাকী পত্নী আৰু ৯টা ল’ৰা আৰু এজনী ছোৱালীৰ সৈতে গাঁৱত বসবাস কৰে। সম্প্রতি আজিজে নিজৰ চতুর্থ পত্নীক তালাক দি পঞ্চমগৰাকী বিয়া কৰাইছে। আগা খান হেলথ ছার্ভিচ ইমার্জেন্সি চেন্টাৰৰ ছিনিয়র ডক্তাৰ শৰদ নৱাজে জনায়, আজিজ খুবেই সাহসী ব্যক্তি। চিকিৎসাৰ সময়ত তেওঁ আমাৰ সকলো কথা শুনিছিল আৰু সকলো নিয়ম পালন কৰিছিল।












