নিউজ ডেক্স:
অসমৰ সংবাদ জগতত এক সুকীয়া স্থান অধিকাৰ কৰা ”আছাম টাইমছ প’ষ্ট”-এ মঙলবাৰৰ দিনা এবছৰ পূৰ্ণ কৰিলে৷ ৰাজ্যখনত বিভিন্ন সংবাদ মাধ্যমৰ মাজত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা এই সংবাদ প্ৰতিষ্ঠানটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ-বিদেশৰ বাতৰি পৰিৱেশন কৰি ৰাইজৰ সেৱাত নিতৌ মনোনিৱেশ কৰি আছে৷
দেশৰ আৰু মানুহৰ সেৱাত আত্মোৎসৰ্গ কৰা ”আছাম টাইমছ প’ষ্ট”ৰ পদক্ষেপক ইতিমধ্যে বিভিন্নজনে শলাগ লৈছে৷ বাতৰি পৰিৱেশনত স্বকীয় চিন্তাধাৰা অটুট ৰাখি অহা ”আছাম টাইমছ প’ষ্ট”ৰ এই এবছৰীয়া যাত্ৰাত ৰাজ্যখনৰ লগতে দেশ-বিদেশৰ বহু শুভাকাংক্ষী জড়িত৷
এই সংবাদ প্ৰতিষ্ঠানটোৱে অনাগত দিনত সকলো শুভাকাংক্ষীৰ শুভেচ্ছা আৰু মৰম চেনেহত ৰাইজৰ সেৱাত উৎসৰ্গা কৰি যাব বুলি সংকল্পবদ্ধ৷ অনাগত দিনত বাতৰিৰ সন্দৰ্ভত ৰাইজৰ মতামতৰ লগতে ভৱিষ্যতৰ পদক্ষেপৰ বিষয়ে ৰাইজৰ চিন্তাচৰ্চা কামনা কৰিছে ”আছাম টাইমছ প’ষ্ট”-এ৷