![]()
নিউজ ডেস্ক:
অহা ৫ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজাৰ অনুষ্ঠান পোনপটীয়াকৈ দূৰদর্শনত সম্প্ৰচাৰ কৰা হ’ব, এই কথা জনাইছিল উত্তৰ প্রদেশৰ যোগী চৰকাৰে। ছুপ্রিম কোর্টৰ ৰায় ঘোষণাৰ পৰিপ্রেক্ষিতত, উক্ত দিনা প্রধানমন্ত্রী মোদীসহ আৰু ২০০ জনৰ উপিস্থিতিত বিগত ৫০০ বছৰ পিছত বহু বাদ-বিবাদৰ অন্তত মন্দিৰ নিৰ্মাণৰ প্রথম পৰ্যায়ত আগবঢ়া হ’ব। তাৰ পিছতে ঠিক হৈছিল দূৰদর্শনৰে মাধ্যমেৰে সমগ্র দেশবাসীক এই অনুষ্ঠান দেখুৱাব পাৰিব।
কিন্তু বিজেপি চৰকাৰৰ এই সিদ্ধান্তত বাধা বামপন্থীয়ে। দূৰদর্শনৰ ৰাম মন্দিৰৰ ভূমি পূজাৰ অনুষ্ঠান টেলিকাষ্টত আপত্তি জনাই তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ক কঠোৰ ভাষাত এক পত্ৰ দিছে চিপিএম-এ। তেওঁলোকৰ দাবী, সেই ১৯৯২ চনৰ পৰাই প্রথমে বাবৰি মছজিদ ধ্বংস আৰু তাৰ পিছত ৰাম মন্দিৰ নির্মাণক লৈ নানা মত পার্থক্য ঘটিছে। নানা সময়ত নানা সংঘাত দেখা দিছে। সেয়ে এই মন্দিৰৰ ভূমি পূজাৰ অনুষ্ঠান দূৰদর্শনত দেখালে, ধর্মনিৰপেক্ষতা বজায় নাথাকিব।
লগতে তেওঁলোকে জনায়, প্রসাৰ ভাৰতীত ১২ ২(এ) ধাৰাত লিখা আছে, দেশৰ ঐক্য, অখণ্ডতা আৰু সংবিধানত অন্তর্ভুক্ত মূল্যবোধক সদায় সমর্থন কৰা হ’ব। সেয়ে তেনে ক্ষেত্রত প্রসাৰ ভাৰতীৰ আইন মানিয়েই যিহেতু দূৰদর্শনৰ কাম-কাজ হয়, সেয়ে এই অনুষ্ঠান সম্প্রচাৰ কৰিলে ধর্মনিৰপেক্ষতা ৰক্ষা নপৰিব চেনেলটোৰ বাবে।
বাম দলৰ এই বক্তব্যক অগ্রাহ্য কৰি, এগৰাকী বিজেপি নেতাই জনাইছে, ‘ছুপ্রিম কোর্টত আদেশ মানিয়েই ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। এনে ক্ষেত্রত দূৰদর্শনত এই অনুষ্ঠান প্রচাৰ কৰিলে, চেনেলৰ ভাবমূর্তি বিঘ্নিত নহয়।’












