![]()
নিউজ ডেস্কঃ
ক’ৰোনা ভাইৰাছৰ সংক্রমণত জ্বৰক বিশেষ গুৰুত্ব দিয়া হৈছে। কিন্তু এইমছৰ নতুন গৱেষণাত পোহৰলৈ আহিছে গুৰুত্বপূর্ণ তথ্য। য’ত কোৱা হৈছে যে ক’ৰোনা ভাইৰাছ সংক্রমণত জ্বৰত বেছি গুৰুত্ব দিয়াৰ কাৰণে এৰাই চলা হৈছে অন্যান্য লক্ষণসমূহ। যিয়ে বিপদ মাতি আনিব পাৰে বুলি আশঙ্কা প্রকাশ কৰা হৈছে।
ইণ্ডিয়ান জার্নাল মেডিকেল ৰিছার্চত প্রকাশিত তথ্যত কোৱা হৈছে উত্তৰ ভাৰতত ১৪৪খন হস্পিটেলত ক’ৰোনা আক্রান্তসকলৰ ওপৰত সক্ষীমা কৰি দেখা গৈছে মাত্র ১৭ শতাংশহে জ্বৰত আক্রান্ত আছিল। অল ইণ্ডিয়া ইনস্টিটিউট অব মেডিকেল ছায়েন্সৰ তৰফৰ পৰা চলিত বছৰৰ ২৩ মার্চ-১৫ এপ্রিলৰ ভিতৰত সমীক্ষাটো চলোৱা হৈছিল।
গৱেষণাত দেখা গৈছে যে ৰোগীসকলৰ ভিতৰত মাত্র ১৭ শতাংশহে জ্বৰত আক্রান্ত আছিল। যি অন্যান্য দেশসমূহৰ তুলনাত বহু কম। য’ত চীনা সম্প্রদায়ৰ ৪৪ শতাংশই জ্বৰত আক্রান্ত আছিল আৰু ৮৮ শতাংশ পৰৱর্তীকালত জ্বৰত আক্রান্ত হৈছে। সেয়ে জ্বৰৰ ওপৰত বেছি জোৰ দিয়াৰ কাৰণে বাকী দিশবোৰে পৰাজিত কৰিব পাৰে বুলিও আশঙ্কা প্রকাশ কৰা হৈছে।
এই সমীক্ষাৰ পৰা আহিছে আন এটি আকর্ষণীয় তথ্য। তাত কোৱা হৈছে, ১৪৪জন ৰোগীৰ ভিতৰত ভর্তিৰ সময়ত মাত্র চাৰিজনহে গুৰুতৰভাবে কৰোনা ভাইৰাছত আক্রান্ত আছিল। যাৰ গড় হিচাব ২.৮ শতাংশ। বাকী ১৪০ জনেই মধ্যমীয়া সংক্রমণৰ লক্ষণ লৈ আহিছিল। ভৰ্তিৰ সময়ত কেৱল মাত্র জ্বৰ আছিল মাত্র ১ জনৰ।
গৱেষণাত দেখা গৈছে বয়স, লিঙ্গ, ধূমপান আৰু হাওঁফাওঁৰ মুঠ ক্ষমতাৰ সৈতে ৰোগৰ তীব্রতাৰ কোনো সম্পর্ক নাই। কিন্তু নিউট্রোফিলৰ পৰা লিম্ফোছাইটৰ অনুমানৰ ভিতৰত গুৰুতৰ ৰোগৰ ভগতৰত এটি উল্লেখযোগ্য সম্পর্ক লক্ষ্য কৰা গৈছে এই সমীক্ষাত।
এন-এল অনুপাতটি শৰীৰৰ প্রদাহ নির্ধাৰণৰ বাবে ব্যৱহৃত হয়। সমীক্ষা ৰিপোর্টত কোৱা হৈছে ৯ জন ধূমপায়ী ৰোগী ভর্তি হৈছিল। যাৰ সূচক আছিল ২০০। কিন্তু হস্পিটেলত থকাৰ অৱস্থাত কেতিয়াও সংকটজনক আকাৰ লোৱা নাছিল।
অৱশ্যে সমীক্ষাটোত সতর্ক কৰি কোৱা হৈছে যে সাম্প্রতিক তথ্য বিশ্লেষণ আৰু পর্যালোচনা কৰি ধূমপানক কোভিড আক্রান্তসকলৰ ৰিস্কৰ কাৰণ হিচাবে গণ্য কৰা হৈছে। এই সমীক্ষাৰ নেতৃত্বত আছিল এইমছৰ বিশেষজ্ঞ চিকিৎসক ৰণদীপ গুলেৰিয়া।












