![]()
নিউজ ডেস্কঃ
এইবাৰ মাত্র এক মিনিটৰো কম সময়ত লাভ কৰিব ক’ৰোনা পৰীক্ষাৰ ফল। যৌথভাবে এনেকুৱা ৰেপিড টেষ্ট সৃষ্টি কৰিবলৈ ভাৰতৰ সৈতে হাত মিলাইছে ইজৰাইলে। তাকে লৈ ভাৰতৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিবলৈ দিল্লীত আহি উপস্থিত হৈছে দেশখনৰ এটি প্রতিনিধি দল। প্রতিনিধি দলটোত আছে দেশখনৰ একাধিক বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞ। কৰোনা পৰিস্থিতি চম্ভালিবলৈ ভাৰতৰ ক’ৰোনা ৰেছপন্স টিমৰ সৈতে কাম কৰিব তেওঁলোকে।
ইজৰাইলী ৰাষ্ট্রদূত ৰণ মালকাৰ নেতৃত্বত সোমবাৰে বিশেষ বিমানেৰে দিল্লীত আহি উপস্থিত হয় প্রতিনিধি দলটো। দেশখনৰ বিদেশ মন্ত্রালয় আৰু একাধিক বেচৰকাৰী কোম্পানীয়ে পঠোৱা উন্নত সৰঞ্জাম লৈ আহিছে তেওঁলোকে, যাৰ ভিতৰত আছে কেইবা ডজন উন্নত ধৰণৰ ভেন্টিলেটৰো।
বাহিৰৰ দেশত এই ভেন্টিলেটৰ ৰপ্তানি নিষিদ্ধ হ’লেও, ভাৰতৰ বাবে সেই নিয়ম ভাঙিছে ইজৰাইলে। মুঠ চাৰি ধৰণৰ ৰেপিড টেষ্ট কিট পঠিয়াইছে তেওঁলোকে, যাৰ ভিতৰত ৩০-৪০ ছেকণ্ডৰ ভিতৰত কোনো ব্যক্তি কৰোনাত আক্রান্ত হয় নো নহয় বুজি পোৱা যাব।
স্বাস্থ্যকর্মীসকল যাতে সংক্রমিত নহয়, তাৰ বাবেও বিশেষ সৰঞ্জাম আনিছে ইজৰাইলী গৱেষকসকলে। ইয়াৰ উপৰি বিশেষভাবে তৈয়াৰী ছেনিটাইজাৰো আনিছে। দেশত প্রথমে সেইবোৰ পৰীক্ষা কৰি চাব। পৰীক্ষা সফল হ’লে কম খৰচত সেইবোৰ উৎপাদন কৰি পঠোৱা হ’ব অন্যান্য দেশলৈও।












