![]()
নিউজ ডেস্ক:
দীর্ঘদিন ধৰি ভাৰত চৰকাৰৰ বিৰোধিতা কৰাৰ পুৰস্কাৰ পালে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা চৈয়দ আলি শ্বাহ গিলানিয়ে! ভূস্বর্গৰ পৰা ৩৭০ ধাৰা প্রত্যাহাৰৰ বর্ষপূর্তিৰ পূর্বে তেওঁক দেশৰ সর্বোচ্চ সন্মান ‘নিশান-ই-পাকিস্তান’ এৱার্ড দিলে পাকিস্তান চৰকাৰে। মঙ্গলবাৰে তেওঁক এই সন্মান দিয়াৰ কথা ঘোষণা কৰে ইছলামাবাদে।
ভাৰতীয় চোৰাংচোৱাৰ পৰা লাভ কৰা খবৰ অনুযায়ী, অহা ৫ আগষ্টত কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্রত্যাহাৰৰ বর্ষপূর্তি। সেই দিনটোতে ভাৰতৰ মানুহে যেতিয়া ৰাম মন্দিৰৰ ভূমিপূজাৰ সাক্ষী হৈ থাকিব, ঠিক তেতিয়াই কাশ্মীৰীসকলৰ লগত থকাৰ বার্তা দি পাকিস্তানে ক’লা দিৱস পালন কৰাৰ প্রস্তুতি চলাইছে।
গুপ্তচৰ সংস্থা আইএছআই (ISIৰ প্রত্যক্ষ সহায়ত বিশ্বব্যাপী ভাৰতৰ বদনাম কৰাৰ চেষ্টা কৰিছে। কেনেকৈ বিগত এটা বছৰত কাশ্মীৰত মানবাধিকাৰ লঙ্ঘনৰ ঘটনা ঘটিছে সেয়া আন্তর্জাতিক সংবাদ মাধ্যমৰ মাধ্যমেৰে দাঙি ধৰাৰ পৰিকল্পনা কৰিছে। তাৰেই অঙ্গ হিচাবে কাশ্মীৰৰ যিসকল বিচ্ছিন্নতাবাদী নেতা আৰু আন্তর্জাতিক সংস্থাই ভাৰতৰ বিৰোধিতা কৰি আহিছে তেওঁলোকক সন্মান জনোৱাৰ পৰিকল্পনা কৰিছে।
প্রসঙ্গত উল্লেখ্য, ১৯৯০ চনৰ পৰা কাশ্মীৰৰ বিচ্ছিন্নতাবাদী আন্দোলনৰ নেতৃত্ব দি আহিছে অল ইণ্ডিয়া হুৰিয়ত কনফাৰেন্সৰ প্রধান চৈয়দ আলি শাহ গিলানিয়ে। কিন্তু ২০১৯ চনৰ আগষ্ট মাহৰ পৰা গৃহবন্দী অৱস্থাত থকাৰ বাবে তাত কিছু লেকাম লাগে।
ইয়াৰ মাজতেই বিগত মাহত অকস্মাতে কনফাৰেন্সৰ সৈতে সকলো সম্পর্ক ত্যাগ কৰা বুলি জনায়। বিশেষজ্ঞসকলৰ মতে হুৰিয়ত নেতাসকলৰ বহুতেই কেন্দ্রীয় চৰকাৰৰ ঘনিষ্ঠ হৈ পৰাৰ কাৰণেই এই সিদ্ধান্ত লয় তেওঁ। মঙ্গলবাৰে তাৰেই পুৰস্কাৰ দিব পাকিস্তানে।












