![]()
নিউজ ডেস্ক:
শিৱসেনাৰ মাজত এতিয়া আৰু কোনো ‘হিন্দুত্ব’ বাকী নাই! মহাৰাষ্ট্রত বিজেপিৰ সৈতে সম্পর্ক ছিন্ন কৰাৰ পিছৰ পৰাই এনে দাবী কৰা হৈছে পদ্ম শিবিৰৰ পক্ষৰ পৰা। কিন্তু এইবাৰ আসন্ন ৰাম মন্দিৰৰ ভেটি স্থাপন আৰু ভূমি পূজা অনুষ্ঠানতো আমন্ত্রণ জনোৱা নহ’ল শিৱসেনা প্রধান উদ্ধৱ থাকৰেক। মঙ্গলবাৰে এই কথা জনাইছে বিশ্ব হিন্দু পৰিষদৰ সভাপতি অলোক কুমাৰে।
আলোক কুমাৰে অৱশ্যে জনাইছে, ‘ৰসম মন্দিৰৰ ভূমি পূজাৰ অনুষ্ঠানত কোনো ৰাজ্যৰ মুখ্যমন্ত্রীকেই আমন্ত্রণ জনোৱা নাই। কেৱল মাত্র নিয়ম অনুযায়ী উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথেই উপস্থিত থাকিব।’ ইয়াৰ উপৰি অৱশ্যে শিৱসেনাক প্রবল আক্রমণ কৰে অলোক কুমাৰে। ‘ৰাম মন্দিৰ আন্দোলনৰ সৈতে জড়িত শিৱসেনা আৰু এতিয়াৰ শিৱসেনা একে নহয়। ৰাম মন্দিৰ আন্দোলনৰ সৈতে প্রবলভাবে জড়িত আছিল বালাসাহেব থাকৰে।’ এনেদৰে কয় তেওঁ।
অন্যহাতে, সম্প্রতি সম্পূৰ্ণ ভূমি পূজা অনুষ্ঠানটি ইন্টাৰনেটৰ মাধ্যমেৰে কৰাৰ দাবী জনাইছিল উদ্ধবে। উদ্ধবৰ দাবী, ভিডিঅ কনফাৰেন্সৰ মাধ্যমেৰে এই ভূমি পূজা অনুষ্ঠান কৰিব পৰা যায়। ৰাম মন্দিৰৰ সৈতে কোটি কোটি হিন্দুৰ আবেগ জড়িত হৈ আছে। কিন্তু কৰোনাৰ কাৰণে তেওঁলোক সকলোকে আমন্ত্রণ কৰিব পৰা নাযায়। সেয়ে তেওঁ ভিডিঅ কনফাৰেন্সৰ মাধ্যমেৰে এই অনুষ্ঠান কৰাৰ দাবী জনাইছিল।
অৱশ্যে বিশ্ব হিন্দু পৰিষদে জনাইছে, অনুষ্ঠানৰ সময়তগৃহ মন্ত্ৰালয়ৰ সকলো নিয়মাৱলী মানিয়েই কাম কৰা হ’ব। খুব কম লোককহে অনুষ্ঠানত আমন্ত্রণ জনোৱা হৈছে আৰু তেওঁলোকে ছচিয়েল ডিষ্টেন্সিং মানি চলিব।












