![]()
নিউজ ডেস্কঃ
অৱশেষত উতকণ্ঠাৰ অৱসান ঘটাই আজি ভাৰতত উপস্থিত হ’বহি প্রথম পৰ্যায়ৰ পাঁচখন ৰাফেল যুদ্ধ বিমান। সোমবাৰে ফ্ৰান্সৰ পৰা ভাৰতৰ উদ্দেশ্যে ৰাওনা হোৱাৰ পিছত বুধবাৰে বিয়লি হাৰিয়ানাৰ আম্বালা বায়ুসেনা ঘাটিত অৱতৰণ কৰিব এই অত্যাধুনিক যুদ্ধ বিমান কেইখনে।
বৰ্তমান ইয়োকে লৈ উখল-মাখল পৰিবেশ আম্বালা বায়ুসেনা ঘাটি আৰু তাৰ সমীপৱৰ্তী এলেকাত। লগে লগে নিশ্ছিদ্র নিৰাপত্তা বেষ্টনীৰে ঘেৰি পেলোৱা হৈছে আম্বালা বায়ুসেনা ঘাটি। বায়ুসেনা ঘাটি সংলগ্ন এলেকাত জাৰি কৰা হৈছে ১৪৪ ধাৰাও। একেলগে চাৰিজনৰ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
লগতে ড্রোন উৰুওৱা, ফটো তোলা আৰু ভিডিও ৰেকর্ডিঙো নিষিদ্ধ কৰা হৈছে।উল্লেখ্য যে পাক সীমান্তৰ পৰা ২০০ কিলোমিটাৰ দূৰৈত অৱস্থিত আম্বালা বায়ুসেনা ঘাটিত বিমান কেইখনক স্বাগতম জনাবৰ বাবে উপস্থিত আছে বায়ুসেনা প্রধান এয়াৰ মার্শাল ৰাকেশ কুমাৰ সিং ভাদৌৰিয়া।
ফ্রান্সৰ সৈতে ৰাফেল চুক্তি স্বাক্ষৰিত হোৱাত গুৰুত্বপূর্ণ ভূমিকা আছিল তেওঁৰ। আনহাতে, ওচৰ-পাজৰৰ এলেকাবোৰকো সতর্ক কৰি দিয়া হৈছে। আম্বালা বায়ুসেনা ঘাটি সংলগ্ন ধুলকোট, বলদেৱ নগৰ, গৰনালা আৰু পঞ্জখোৰা গাঁৱতো ১৪৪ ধাৰা জাৰি কৰা হৈছে।
উল্লেখ্য যে এই ৰাফেলৰ সৈতে আহিছে ফৰাচী বায়ুসেনাৰ দুখন এ-৩৩০ ফিনিক্স এমআৰটিটি ইন্ধন বিমানো। লগত কৰোনা পৰিস্থিতি মোকাবিলাৰ বাবে তাৰ মাজৰ এখনত আছে ৭০টা ভেন্টিলেটৰ আৰু ১ লাখ টেষ্ট কিট। ১০জন স্বাস্থ্যকর্মী আৰু চিকিৎসকৰ এটি দলো লগত আহিছে।












