![]()
নিউজ ডেস্কঃ
আৰক্ষী মানেই যেন এক ভয়ংকৰ মানৱ, এই ধাৰণা বহুতৰেই মনত আছে। অৱশ্যে আৰক্ষীৰ মানৱিক আচৰণৰ নিদর্শন যথেষ্ট আছে, তথাপিও আজিও যেন মানুহৰ অহৈতুক আৰক্ষীভীতি যোৱা নাই। সম্প্রতি দিল্লী আৰক্ষীৰ এনে এক মানৱ্কি ৰূপ সন্মুখলৈ আহিছে যিয়ে আপোনাক ধাৰণা সলনি কৰিবলৈ বাধ্য কৰাব।
ৰাস্তাত লেম্পপোষ্টৰ পোহৰত এখন আৰক্ষীৰ গাড়ীৰ বনেটত কিতাপ-বহী ৰাখি চলিছে পঢ়া-শুনা। দিন মজদুৰৰ সন্তানক মন দি অঙ্ক-ইংৰাজী শিকাইছে আৰক্ষী বিষয়াই। বিগত দুই মাহ ধৰি এনেকুৱা দৃশ্যই দেখি আহিছে দিল্লীবাসীয়ে।
জানিনবপৰা মতে, আৰক্ষী বিষয়াগৰাকী হৈছে দিল্লীৰ পলাশিয়া এলেকাৰ ষ্টেচন হাউছ অফিচাৰ (এছএইচও) বিনোদ দীক্ষিত। লকডাউনত এক বস্তিত টহল দিয়াৰ সময়ত পৰিচয় হয় ৰাজ নামৰ এজন দিন মজদুৰ ল’ৰাৰ সৈতে৷ ৰাজে তেওঁক জনায় লকডাউনত মানুহৰ বাবে আৰক্ষীয়ে কাম কৰা দেখি সি অনুপ্রাণিত। সিও ডাঙৰ হৈ আৰক্ষী হ’ব বিচাৰে।
কিন্তু আৰক্ষী হ’ব লাগিলে যথেষ্ট পঢ়া-শুনাৰ প্রয়োজন। অথচ দিন মজদুৰ পৰিয়ালৰ সন্তান ৰাজৰ সেই আর্থিক ক্ষমতা নাই। ইয়াৰ পিছতে তেওঁক পঢ়া-শুনাত সহায় কৰিবলৈ সন্মত হয় বিষয়া দীক্ষিত। তাৰ পিছৰ পৰাই কেতিয়াবা এটিএমৰ সন্মুখত কেতিয়াবা লেম্পপোষ্টৰ তলত চলিছে দৈনিক শিক্ষাদান।
অৱশ্যে আৰক্ষী বিষয়া দীক্ষিতে জনাইছে এয়াই প্রথম নহয়, ধৰ আৰু ৰতলমে এলেকাত কর্তব্যৰত হৈ থকাৰ সময়তো তেওঁ বহু পথশিশুক পঢ়াইছে। তেওঁলোকৰ ভাতৰত কোনো কোনোৱে আৰক্ষীত যোগদানো কৰিছে।ঘটনাটি সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগেই দেশজুৰি প্রশংসাৰ বন্যাত উপচি পৰিছে আৰক্ষী বিষয়াগৰাকী। লগে লগে নেট দুনিয়াই ৰাজৰ অধ্যৱসায়কো বাঃ বাঃ জনাইছে।












