![]()
নিউজ ডেস্কঃ
স্বতঃপ্রণোদিতভাৱেই পূৰ্বতেই সুশান্ত সিং ৰাজপুতৰ প্রেমিকা ৰিয়া চক্রৱর্তীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছিল সুশান্ত অনুৰাগীসকলে। এইবাৰ ৰিয়াৰ বিৰুদ্ধে পাটনাৰ ৰাজেন্দ্রনগৰ থানাত এফআইআৰ দাখিল কৰিলে খোদ সুশান্ত সিং ৰাজপুতৰ পিতৃ কেকে সিঙে।
কেৱল ৰিয়াই নহয়, বিহাৰ আৰক্ষী সূত্রে জানিব পৰা মতে, এফআইআৰত ৰিয়াৰ ভাতৃ শৌভিক চক্রৱর্তীসহ পৰিয়ালৰ আন কোইবাজনো সদস্যৰ নামো আছে।পাটনা চেন্ট্রেল জনৰ আইজিয়ে মঙ্গলবাৰে সংবাদ মাধ্যমক জনায়, “ৰিয়াৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৬ (আত্মহত্যাত প্রৰোচনা), ৩৪১ আৰু ৩৪২(জোৰ কৰি ধৰি ৰখা), ৩৮০ (ঘৰৰ সামগ্ৰী চুৰি), ৪০৬ (চুক্তিভঙ্গ) আৰু ৪২০ (প্রতাৰণা) ধাৰাত অভিযোগ দাখিল কৰা হৈছে।’
’আৰক্ষী সূত্রে খবৰ, ইতিমধ্যেই বিহাৰ আৰক্ষীৰ চাৰিজনীয়া এটি দল মুম্বাইত উপস্থিত হৈছে। প্রয়োজনত মুম্বাই আৰক্ষীক মহিলা আৰক্ষীৰ ব্যৱস্থা কৰাৰ বাবেও জনাইছে তেওঁলোকে।ইফালে ৰিয়া চক্রৱর্তীক ইয়াৰ পূৰ্বে জেৰা কৰি মুম্বাই আৰক্ষীয়ে জানিব পাৰিছিল, সাম্প্রতিক ইউৰোপ ভ্ৰমণত সুশান্তৰ ক্রেডিট কার্ড ব্যৱহাৰ কৰিছিল ৰিয়াই।
অভিনেতাগৰাকীৰ এজন দেহৰক্ষীকো বহিষ্কাৰ কৰিছিল তেওঁ। কেৱল সোয়াই নহয়, সুশান্তৰ কোম্পানীতো শ্বেয়াৰ আছিল তেওঁৰ আৰু ভাতৃৰ।উল্লেখ্য, বিগত ১৪ জুনত বান্দ্রাত নিজৰ ফ্লেটৰ পৰা ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ।
প্রাথমিক তদন্তত আৰক্ষীয়ে জনায়, তেওঁ আত্মহত্যা কৰিছে। আত্মহত্যাৰ কাৰণ অনুসন্ধানৰ বাবে এই পর্যন্ত প্রায় ৪০ জনক জেৰা কৰিছে মুম্বাই আৰক্ষীয়ে। ইয়াৰ ভিতৰত ৰিয়াৰ উপৰি আছে পৰিচালক মহেশ ভাট, সঞ্জয় লীলা ভান্সালীসহ বলিউডৰ নামজ্বলা ব্যক্তিসকল।












