![]()
নিউজ ডেস্কঃ
লকডাউনত বিয়া ঠিক হ’লেও, সোণৰ গহনা কিনিবলৈ গৈও পিছুৱাবলগীয়া হৈছে ক্ৰেতা। অলপ খৰচত বিয়াৰ আয়োজন কৰিলেও, সোণৰ দামে যে আকাশ চুইছে। তাৰ মাজতো সংক্রমণ এৰাবলৈ পিপিই কিট পিন্ধিয়েই চলিছে সোণৰ দোকানৰ বেচা-কিনা।
ক’ৰোনাৰ বাবে বিগত চাৰি মাহৰ লকডাউনত কিছু হ’লেও বাধা পৰিছে বৈদেশিক বাণিজ্যত। কিন্তু সোণৰ দাম হ’লে কমা নাই। ওলোটাই বাঢ়িহে গৈ আছে।

বৰ্তমান কলকাতাত সোণৰ দাম– ২২ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫১৭৩ টকা আৰু ১০ গ্রামৰ দাম ৫১,৭৩০ টকা।
কলকাতাৰ তুলনাত বৰ্তমান কিন্তু বহু কম দিল্লীৰ সোণৰ মূল্য। ২২ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫১৫১ টকা আৰু ১০ গ্রামৰ দাম ৫১,৫১০ টকা।
চেন্নাইত ২২ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫০৭৫ টকা এবং ১০ গ্রামৰ দাম ৫০,৭৫০ টকা।
কলকাতা, দিল্লী আৰু চেন্নাইত সোণৰ দাম ৫০ হাজাৰ পাৰ হৈ গ’লেও, বাঙ্গালোৰত বৰ্তমান কিন্তু কিছু হ’লেও কম আছে সোণৰ দাম।
বাঙ্গালোৰত সোণৰ দাম আৰু কম- ২২ কেৰেট সোণৰ ১ গ্রামৰ দাম ৪৯৮৬ টকা এবং ১০ গ্রামৰ দাম ৪৯,৮৬০ টকা।

২২ কেৰেটৰ সোণৰ পিছত আহিল২৪ কেৰেটৰ বিষয়ে। ২৪ কেৰেট সোণেৰে সচৰাচৰ গহনা তৈয়াৰৰ কাম নকৰিলেও, দামৰ দিশৰ পৰা কিন্তু আগুৱাই থাকে এই সোণ।
কলকাতাত ২৪ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫৩১৩ টকা এবং ১০ গ্রামৰ দাম ৫৩,১৩০ টকা।
দিল্লীত ২৪ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫২০১ টকা এবং ১০ গ্রামৰ দাম ৫২,০১০ টকা।
চেন্নাইত ২৪ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫৫৩২ টকা এবং ১০ গ্রামৰ দাম ৫৫,৩২০ টকা।
বাঙ্গালোৰত ২৪ কেৰেট সোণৰ ১ গ্রামৰ দাম ৫৪৩৬ টকা এবং ১০ গ্রামৰ দাম ৫৪,৩৬০ টকা। সোণৰ দাম বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ হ’লেও, ৰূপৰ দাম কিন্তু সকলো ৰাজ্যতেই প্রায় একেই আছে।
বৰ্তমান ৰূপৰ দাম– ১ গ্রামৰ দাম ৬৬.০৬ টকা এবং ১০ গ্রামৰ দাম ৬৬০.৬০ টকা।












