![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ শিৰত আন এক মুকুট। উত্তৰ প্রদেশৰ যোগী চৰকাৰে পৰিবেশৰ বাবে যি কাম কৰিছে সেয়াই আন্তর্জাতিক স্বীকৃতি লাভ কৰিছে। যোগী চৰকাৰৰ দ্বাৰা চলোৱা বৃক্ষৰোপণ অভিযানে গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডত স্থান লাভ কৰিছে।
উল্লেখ্য যে যোগী চৰকাৰে ২৮ জুলাইত ২৪০বিধ প্রজাতিৰ বৃক্ষৰোপণ কৰিছিল। পুৱা ১০টাৰ পৰা ১১টা পর্যন্ত ২৪০বিধ প্রজাতিৰ বৃক্ষ ৰোপণ কৰা হয়। এই বৃক্ষবোৰ ৰাজ্যৰ লক্ষ্ণৌ, সীতাপুৰ, বাৰাবাঙ্কি, অযোধ্যা, মেৰঠ, বান্দা আৰু চিত্রকূটত ৰোপণ কৰা হৈছিল। যোগী চৰকাৰৰ এই ২৪০বিধ প্রজাতিৰ বৃক্ষৰোপণে এইবাৰ গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডত স্থান লাভ কৰিছে।
বিগত বছৰতো যোগী চৰকাৰে আঠ ঘণ্টাত ২ কোটি বৃক্ষ ৰোপণ কৰি ৰেকর্ড গঢ়িছিল। ২০১৯ চনত ঐতিহাসিক আগষ্ট বিপ্লৱৰ দিনা ৯ আগষ্টত ৰাজ্যবাসীযে ২২ কোটিতকৈ বেছি বৃক্ষ ৰোপণ কৰি ৰেকর্ড গঢ়িছিল।
ভাৰত ত্যাগ আন্দোলনৰ ৭৭ বর্ষপূর্তিত ৰাজ্যৰ জনতাক মুখ্যমন্ত্রী যোগী আদিত্যনাথে কৈছিল, ৰাজ্যত ২২ কোটি মানুহ আছে তেওঁলোক সকলোৱেই যদি এডালকৈ বৃক্ষ ৰোপণ কৰে তেতিয়াহ’লে এই সংখ্যাই ২২ কোটি পাৰ কৰিব। যোগী আদিত্যনাথে মন্ত্রোচ্চাৰণৰ সৈতে বট বৃক্ষৰ পুলি ৰোপণ কৰি বৃক্ষ ৰোপণ অভিযানৰ শুভাৰম্ভ কৰিছিল।












