![]()
নিউজ ডেস্কঃ
অযোধ্যাত ৰাম মন্দিৰ নির্মাণৰ ভূমিপূজাৰ বোমা আন এক বিতৰ্কৰ সৃষ্টি কৰিলে কেন্দ্রীয় মন্ত্রী ৰামদাস আথাৱালে। তেওঁৰ দাবী, প্রাচীন ৰাম মন্দিৰ নিৰ্মাণ হৈছিল এক বৌদ্ধ বিহাৰৰ ধ্বংসাৱশেষৰ ওপৰত। সেয়েহে অযোধ্যাত বৌদ্ধ বিহাৰ নির্মাণৰ দাবী জনাইছে মন্ত্রীগৰাকীয়ে।
অহা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমিপূজা অনুষ্ঠিত হোৱাৰ সকলো প্রস্তুতি প্রায় চূড়ান্ত পর্যায় উপনীত হোৱাৰ সময়তে একাধিক দলিত সংগঠনৰ সৈতে সুৰ মিলাই বৌদ্ধ বিহাৰ নির্মাণৰ দাবীত সৰৱ হ’ল কেন্দ্রীয় মন্ত্রীগৰাকী।
বৃহস্পতিবাৰে আথাৱালে জনাই যে, বাবৰি মছজিদ আৰু ৰাম মন্দিৰ নিৰ্মাণৰ বহু পূৰ্বে ৰাম জন্মভূমিত এক প্রাচীন বৌদ্ধ বিহাৰ আছিল। তেওঁৰ মতে, ‘যিহেতু ছুপ্রিম কোর্টে এই ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ নির্দেশ দিছে আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবেও ভূমি দিয়া হৈছে, গতিকে মই বিচাৰো বৌদ্ধ বিহাৰ নির্মাণৰ বাবে অযোধ্যাত আমাকো ভূমি দিয়া হওক।’
এই দাবী লৈ তেওঁ কেইদিনমানৰ ভিতৰতে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক সাক্ষাৎ কৰিব বুলিও জনাইছে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে। আথাৱাল আৰু দলিতসকলৰ দাবীক সমর্থন জনাই সংগীতশিল্পী আনন্দ চিণ্ডেই সকলো দলিত নেতাক বিভেদ পাহৰি বৌদ্ধ বিহাৰ নির্মাণৰ দাবীত একগোট হোৱাৰ আহ্বান জনাইছে।
তেওঁ ক, ‘ৰাম মন্দিৰ নির্মাণৰ বাবে মাটি সমান কৰাৰ সময়ত এই ভূমিৰ পৰা বহু প্রাচীন বৌদ্ধ স্তূপৰ ভগ্নাৱশেষ পোৱা গৈছে। দলিত নেতাসকলে একত্ৰে ইয়াত মিউজিয়াম আৰু বৌদ্ধ বিহাৰ গঢ়াৰ বাবে আন্দোলনত নমা উচিত।’এই সকলো প্ৰত্যক্ষ কৰিয়েই ভাৰতীয় প্রজাতান্ত্রিক পার্টিৰ গাৱাই গোষ্ঠীৰ প্রধান ৰাজেন্দ্র গাৱাই জনাইছে, ‘অচিৰেই দেশৰ তিনি প্রধান ধর্মৰ তীর্থক্ষেত্র হিচাবে চিহ্নিত হ’ব অযোধ্যা।’












