![]()
নিউজ ডেস্ক:
অন্ধ্ৰপ্ৰদেশত চেনিটাইজাৰ সেৱন কৰি আজি কমেও ৯জনৰ লগত মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ প্ৰকাশম জিলাত। কুৰিচেদু মণ্ডলৰ স্থানীয় বাসিন্দাসকলে লকডাউনৰ বাবে ৱাইন শ্বপ বন্ধ থকাত চেনিটাইজাৰ সেৱন কৰা বুলি প্ৰকাশ।
আৰক্ষী সূত্ৰ মতে, ইয়াৰে তিনিজন লোকৰ বৃহস্পতিবাৰে মৃত্যু হোৱাৰ বিপৰীতে ছয়জনৰ আজি মৃত্যু হয়।জানিব পৰা মতে, ১০ দিনৰ বাবে অঞ্চলটোত ৱাইন শ্বপসমূহ বন্ধ থকাৰ বাবে নিচা আসক্ত লোকসকলে চেনিটাইজাৰ খাবলৈ আৰম্ভ কৰে। ইয়াৰ ভিতৰত ৩জন ভিক্ষাৰীও আছে।
আনহাতে, ৬জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে আন কোনোবা অঞ্চলটোত আছে নেকি তাৰ সন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে। লগতে ক’ৰ পৰা চেনিটাইজাৰ সংগ্ৰহ কৰিছিল আৰু তাৰ লগত অন্য কিবা ৰাসায়নিক পদাৰ্থ মিহলি কৰিছিল নেকি তাৰ অনুসন্ধানো আৰম্ভ কৰিছে আৰক্ষীয়ে।












