![]()
নিউজ ডেক্স:
বিষাক্ত সুৰা পান কৰি পঞ্জাৱত বৰ্তমানলৈ ৮৬জনৰ মৃত্যু হৈছে। সুৰা পান কৰি পঞ্জাৱৰ তৰনতাৰণত ৬৩জন লোকে, অমৃতসৰত ১২জন আৰু গুৰদাসপুৰত ১১জন লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত।


উল্লেখ্য যে, যোৱা বুধবাৰৰ নিশাৰ পৰা শুকুৰবাৰলৈ নিশালৈ এই বিষাক্ত সুৰাই ৰাজ্যখনত ৩৯জনৰ প্ৰাণ কাঢ়ি নিয়ে।ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে এই ঘটনাৰ পাছত ৭জন আবকাৰী বিষয়া আৰু ৬জন আৰক্ষী কৰ্মীক নিলম্বন কৰাৰ নিৰ্দেশ দিছে। লগতে ৰাজ্যখনৰ চৰকাৰে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ ঘোষণা কৰিছে।












