![]()
নিউজ ডেস্ক:
শনিবাৰে মহাৰাষ্ট্রৰ নাগপুৰ জিলা এটি চেনি মিলত বয়লাৰ বিস্ফোৰণত কমেও পাঁচজনৰ মৃত্যু হৈছে। বিস্ফোৰণ ঘটে মানস এগ্রো ইন্ডাস্ট্রিজ এণ্ড ইনফ্রাস্ট্রাকচাৰ লিমিটেডৰ কাৰখানাত। জানিব পৰা মতে, উমৰেদ মৌজাৰ বেলাগ্রামত কোম্পানীটোৰ বায়োগেছ প্লেন্টৰ ওচৰতেই শনিবাৰে আবেলি ২মান বজাত বিস্ফোৰণ ঘটে।
ঘটনাস্থলীতেই মৃত্যু হয় পাঁচ কর্মচাৰীৰ। পাঁচোজনৰেই ঘৰ ওৱাদগাঁও গাঁৱত। আৰক্ষীয়ে জনাইছে, ইয়াৰে মাজৰ এজন আছিল ৱেল্ডাৰ। বাকীসকলে তেওঁৰ সহায়ক হিচাবে কাম কৰিছিল। বয়লাৰ বিস্ফোৰণৰ পিছতেই প্লেন্টৰ ভিতৰৰ পৰা ঘন ধোঁৱা বাহিৰ ওলই থাকে।
পাঁচোজনেই বিস্ফোৰণত জ্বলি ঘটনাস্থলীতেই মৃত্যু হোৱা বুলি চেনি মিল কর্তৃপক্ষই জনাইছে। হস্পিটেললৈ নিয়াৰ সুযোগেই নাপালে লোক কেইজনক। বয়লাৰ বিস্ফোৰণৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষক ৰাকেশ ওলা। ঘটনাস্থলী পৰিদর্শনৰ পিছত তেওঁ কয়, বিস্ফোৰণৰ কাৰণ তদন্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে।












