![]()
নিউজ ডেস্কঃ
উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে নির্দেশ দিছে যে, পবিত্র ৰাখিবন্ধন উৎসৱৰ কথা চিন্তা কৰি দেওবাৰে ৰাখি আৰু মিঠাইৰ দোকান খোলা থাকিব। ক’ৰোনাৰ প্রকোপ ৰুধিবলৈ আৰু সংক্রমণত লেকাম লগোৱাৰা বাবে উত্তৰ প্রদেশত বিশেষ স্বচ্ছতা আৰু ছেনিটাইজেচন অভিযান অনুযায়ী প্রতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে বজাবোৰ বন্ধ ৰখাৰ নির্দেশ দিয়া হৈছিল।

যোগী চৰকাৰৰ মুখপাত্রই কয়, মুখ্যমন্ত্রীয়ে বিগত তিনি বছৰৰ দৰে এই বছৰ ৰাখিবন্ধন উৎসৱত উত্তৰ প্রদেশৰ ৰাজ্যি পথ পৰিবহণ নিগমৰ সকলো শ্রেণীৰ বাছতে মহিলাসকলক বিনামূল্যে বাছ যাত্রা কৰাৰ সুবিধা দিয়াৰ নির্দেশ দিছে।
আৰু এই নির্দেশ অনুযায়ী, আগষ্ট মাহৰ ২ তাৰিখৰ মাজনিশাৰ পৰা ৩ তাৰিখৰ নিশা ১২টা পর্যন্ত ২৪ ঘণ্টা ৰাজ্যৰ মহিলা যাত্ৰীসকলে বাছ যাত্রাৰ বাবে কোনো ভাড়া লোৱা নহ’ব। অৱশ্যে মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নিৰ্দেশ, ৰাখিবন্ধন উৎসৱতো যেন কৰোনাৰ সকলো প্রটোকল পালন কৰা হয়। কোনো সার্বজনীন আয়োজন যেন কৰা নহয়। সকলোৱে যেন নিজৰ ঘৰতেই অনুষ্ঠানৰ আয়োজন কৰে।












