![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ক’ৰোনাত আক্ৰান্ত হৈ যোগী আদিত্যনাথ মন্ত্ৰীসভাৰ মন্ত্ৰী কমলৰানী বৰুণৰ মৃত্যু হয়৷ ৬২ বছৰ বয়সত মৃত্যু হোৱা এই মন্ত্ৰীগৰাকীক ১৮ জুলাইত ক’ভিড পজিটিভ পোৱাত সঞ্জয় গান্ধী প’ষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অব মেডিকেল ছাইন্সত ভৰ্ত্তি কৰা হৈছিল৷
তাতে দেওবাৰে ৯.৩০ বজাত উত্তৰ প্ৰদেশৰ প্ৰযুক্তি শিক্ষা মন্ত্ৰীগৰাকীৰ মৃত্যু হয়৷ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই৷ দুবাৰকৈ লোকসভাৰ সাংসদ কমলৰানী বৰুণৰ মৃত্যুত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বহুজন সমাজবাদী পার্টি প্ৰধান মায়াৱতীয়েও গভীৰ শোক প্ৰকাশ কৰিছে৷












