![]()
নিউজ ডেক্স:
আফগানিস্থানত চলা এক অভিযানত আইএছআইএছৰ সক্ৰিয় ইউনিটৰ গুপ্তচৰৰ প্ৰধান আছাদুল্লা অ’ৰাকজাইৰ মৃত্যু হৈছে৷ নানগৰহাৰ প্ৰদেশৰ জালালাবাদ চহৰৰ ওচৰত এটা এলেকাত অভিযান চলাই আছাদুল্লা অ’ৰাকজাইক নিহত কৰে আফগানিস্থান নেচনেল ডিৰেক্টৰেট অব ছিকিউৰিটি (এনডিএছ)ৰ সদস্যই৷
যোৱা মাৰ্চ মাহত কাবুলৰ গুৰুদ্বাৰত হোৱা ভয়াৱহ উগ্ৰপন্থী আক্ৰমণ হৈছিল আইএছআইএছৰ খোৰাছান ইউনিটৰ সদস্যই৷ ফলত ২৫ জন শিখৰ মৃত্যু হৈছিল৷ তাৰ পাছৰ পৰা মূল নায়ক জিয়ায়ুৰ ৰহমান আৰু আছাদুল্লা অ’ৰাকজাইক চোৰাংচোৱাই বিচাৰি আছিল৷
শনিবাৰে ৰাতি নানগৰহাৰ প্ৰদেশৰ জালালাবাদ চহৰৰ কাষৰ এঠাইত অভিযান চলাই এনডিএছৰ সদস্যই৷ তাতেই নিহত হয় আইএছআইএছৰ খোৰাছান ইউনিটৰ গুপ্তচৰ প্ৰধান তথা পাকিস্তানী বংশোদ্ভৱ আছাদুল্লা অ’ৰাকজাইৰ৷












