![]()
নিউজ ডেস্কঃ
নেপাল পার্লিয়ামেন্টত নতুন মানচিত্রৰ অনুমোদন বিল গৃহীত হোৱাৰ পিছত এইবাৰ আন্তর্জাতিক স্বীকৃতি আদায়ৰ লক্ষ্যত সেই মানচিত্রক লৈ ৰাষ্ট্রসংঘৰ কাষ চাপিছে কে পি অলিৰ নেপাল চৰকাৰ। প্রায় ৪০০ বর্গকিলোমিটাৰ ভাৰতীয় ভূখণ্ড নেপালত সংযোগ কৰি তৈয়াৰ নতুন মানচিত্রৰ বিষয়ে ‘অৱগত’ কৰোৱা হ’ব ভাৰত চৰকাৰ আনকি গুগলৰ দৰে প্রতিষ্ঠানকো।

নেপালৰ ভূমি ব্যৱস্থাপনা মন্ত্রী পদ্ম আৰিয়ালে দেওবাৰে সংবাদ সংস্থা এএনআইক কয়, ‘‘আমি কালাপানি, লিপুলেখ, লিম্পিয়াধুৰসহ সংশোধিত মানচিত্র ভাৰতসহ ৰাষ্ট্রসংঘৰ বিভিন্ন সদস্য ৰাষ্ট্র আৰু সংস্থা আৰু আন্তর্জাতিক সংগঠনৰ ওচৰলৈ পঠাম। আগষ্ট মাহৰ মাজভাগতেই এই প্রক্রিয়া শেষ হ’ব।’’
নেপাল চৰকাৰৰ জৰীপ বিভাগে ইতিমধ্যেই সংশোধিত মানচিত্রৰ ৪,০০০ ইংৰাজী কপি ছপাই উলিয়াইছে। সেইবোৰ ৰাষ্ট্রসংঘ, গুগলসহ নানা আন্তর্জাতিক সংস্থাৰ ওচৰলৈ পঠোৱা হ’ব। নেপাল জৰীপ বিভাগে জনাইছে, স্থানীয় ভাষাত মুদ্রিত ২৫ হাজাৰ নতুন মানচিত্র ইতিমধ্যেই নানা চৰকাৰী কার্যালয়ত বিলোৱা আৰম্ভ কৰা হৈছে। নেপালী জনতাই নতুন মানচিত্র পাবলৈ ৫০ টকা খৰচ কৰিব লাগিব।












