![]()
নিউজ ডেস্কঃ
ক’ৰোনা বিধিক লৈ খুবেই সচেতন উমা ভাৰতী! সেয়ে অযোধ্যাত ৰাম মন্দিৰৰ ভূমিপূজাত উপস্থিত নাথাকে তেওঁ। ইমান মানুহৰ সমাগমত এই সময়ত যোৱাটো নিৰাপদ নহয় বুলিও স্পষ্টভাৱে জনাইছে তেওঁ।
উল্লেখ্য, দেওবাৰে ক’ৰোনা ধৰা পৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দেহত। আৰু তাৰ পিছৰ পৰাই প্রধানমন্ত্রী নৰেন্দ্র মোদীক লৈও চিন্তিত ৰাজনৈতিক শিবিৰ। কাৰণ দুদিন পূৰ্বে মন্ত্রীসভাৰ বৈঠক আছিল। তাত প্রধানমন্ত্রীসহ অন্যান্য কেন্দ্রীয় মন্ত্রীসকলো আছিল। অহা ৫ আগষ্টত ৰাম মন্দিৰৰ ভূমিপূজা অনুষ্ঠানত প্রধানমন্ত্রীও উপস্থিত থকাৰ কথা।
সেয়ে ৰিস্ক ল’বলৈ নিবিচাৰে বর্ষীয়ান বিজেপি নেত্রী উমা ভাৰতীয়ে। অযোধ্যালৈ যাব তেওঁ। ৰাম মন্দিৰ প্রাঙ্গণলৈও যাব। কিন্তু সকলো শেষ হোৱাৰ পিছত। অর্থাৎ ভূমিপূজা শেষ হ’লে। পূজাৰ সময়ত ওচৰৰ সৰযূ নদীৰ তীৰত কোনো এক স্থানত উপস্থিত থাকি মন্ত্র উচ্চাৰণ কৰিব তেওঁ।
উল্লেখ্য যে নব্বৈৰ দশকত ৰাম মন্দিৰ আন্দোলনৰ অন্যতম নেত্রী আছিল উমা ভাৰতী। মধ্যপ্রদেশৰ প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে স্পষ্টভাৱেই কৈছে, অমিত শ্বাহ ক’ৰোনা আক্রান্ত হোৱাৰ কথা শুনি অত্যন্ত উদ্বিগ্ন হৈ পৰিছে তেওঁ।
বিশেষকৈ প্রধানমন্ত্রীক লৈ। অৱশ্যে আজি সন্ধ্যা অযোধ্যালৈ ৰাওনা হ’ব তেওঁ। প্রধানমন্ত্রী আৰু অন্যান্যসকল যিহেতু ভূমিপূজাত উপস্থিত থাকিব, সেয়ে তেওঁ নাথাকে। সকলো ওলাই যোৱাৰ পিছত মন্দিৰ প্রাঙ্গণলৈ তেওঁ যাব। কাৰণ সকলোৱে একেলগে আক্রান্ত্র হ’লে সমস্যাত পৰিব সাধাৰণ মানুহ।












