![]()
নিউজ ডেস্ক:
শতাব্দীৰ ছুপাষ্টাৰ অমিতাভ বচ্চনে কৰোনা ভাইৰাছক পৰাজিত কৰি মুম্বাইৰ নানাবতী হস্পিটেলৰ পৰা দেওবাৰে ঘৰলৈ উভতে। তেওঁৰ সম্প্রতি কোভিডৰ ১৯টা পৰীক্ষা নেগেটিভ বুলি প্রমাণিত হৈছিল। ইয়াৰ পিছত হস্পিটেলৰ পৰা তেওঁক আহিবলৈ দিয়া হয়। অভিষেকে প্রথমে ট্যুইট কৰি এই সম্পর্কে তথ্য দিছিল। এতিয়া ঘৰত উপস্থিত হৈ নিজৰ অনুভৱ প্রকাশ কৰিছে অমিতাভ বচ্চনে নিজেই।
অমিতাভ বচ্চনে এটি ট্যুইট বার্তাত কয়, “মোৰ পৰীক্ষা নেগেটিভ আহিছে I নাৰ্ছিং ব্যৱস্থাৰ কাৰণে, আজিৰ এই দিনটো দেখিবলৈ সক্ষম হৈছো। এদিন পূৰ্বে অভিনেতা অমিতাভ বচ্চনে তেওঁৰ ঘনিষ্ঠ বন্ধু আৰু ৰাজ্যসভাৰ সদস্য অমৰ সিঙক শ্রদ্ধা জনাই তেওঁৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্কৰ কথা স্মৰণ কৰে।
উল্লেখযোগ্য যে অমৰ সিং (৬৪) শনিবাৰে চিঙ্গাপুৰৰ এখন বেচৰকাৰী হস্পিটেলত দীর্ঘ অসুস্থতাৰ পিছত মৃত্যু মুখত পৰে। ২০১১ চনত তেওঁ কিডনি প্রতিস্থাপন কৰে আৰু দীর্ঘদিন ধৰি অসুস্থ আছিল। বিগত কেইবা মাহ ধৰি তেওঁ চিঙ্গাপুৰৰ এখন হস্পিটেলত চিকিৎসাধীন হৈ আছিল।












