![]()
নিউজ ডেস্কঃ
নোভেল ক’ৰোনাত আক্রান্ত অমিত শ্বাহ। মমতা বেনাৰ্জীৰ পৰা ৰাহুল গান্ধী, ৰাজনৈতিক ভেদাভেদ পাহৰি সকললোৱেই তেওঁৰ দ্রুত আৰোগ্য কামনা কৰিছে। কিন্তু চৰকাৰী হস্পিটেললৈ নগৈ কেন্দ্রীয় গৃহমন্ত্রীয়ে কিয় বেচৰকাৰী হস্পিটেলকেই চিকিৎসাৰ বাবে নিৰ্বাচন কৰিলে, তাকে লৈ প্রশ্ন তুলিলে কংগ্রেছ সাংসদ শশী থাৰুৰে।
দেওবাৰে ক’ৰোনা ৰিপোর্ট পজিটিভ অহাৰ পিছত চিকিৎসকৰ পৰামর্শত গুৰুগ্রামৰ মেদান্ত ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত ভর্তি হয় অমিত শ্বাহ। তেওঁৰ সেই সিদ্ধান্তক লৈয়েই প্রশ্ন তুলিছে থাৰুৰে। তেওঁ কয়, ক্ষমতাশালীসকলে চৰকাৰী প্রতিষ্ঠানসমূহৰ ওপৰত আস্থা ৰাখিলেহে সেইবোৰৰ ওপৰত আস্থা বাঢ়িব সাধাৰণ মানুহৰ।
ক’ৰোনা পৰিস্থিতিত চৰকাৰী হস্পিটেলসমূহৰ আন্তঃগাঁথনিক লৈ নতুনকৈ আলোচনা আৰম্ভ হৈছে। তাতে এইমছৰ দৰে প্রতিষ্ঠান গঢ়ি তোলাৰ পিছত দেশৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ অৱদান স্মৰণ কৰিয়ে টুইট কৰে এজন ব্যক্তিয়ে।
সোমবাৰে তাত ৰিটুইট কৰিবলৈ গৈয়েই অমিত শ্বাহকে লক্ষ্য কৰি লয় থাৰুৰে। তেওঁ লিখে, ‘‘ভাবি আচৰিত লাগিছে, এইমছলৈ নগৈ চুবুৰীয়া ৰাজ্যৰ এখন বেচৰকাৰী হস্পিটেলক চিকিৎসাৰ বাবে বাছি ল’লে আমাৰ গৃহমন্ত্রীয়ে।
ক্ষমতাশালীসকলে চৰকাৰী প্রতিষ্ঠানসমূহৰ ওপৰত আস্থা ৰাখিলেহে সেইবোৰৰ ওপৰত আস্থা বাঢ়িব সাধাৰণ মানুহৰ।’’ অৱশ্যে বেচৰকাৰী হস্পিটেলত চিকিতসা কৰোৱাক লৈ কটাক্ষ কৰাৰ পূৰ্বে কালি টুইটযোগে অমিত শ্বাহৰ দ্ৰুত আৰোগ্য কামনা কৰিছিল শশী থাৰুৰে।
অৱশ্যে কেৱল অমিত শ্বাহেই অকলে নহয়, ক’ৰোনাৰ চিকিৎসাত বেচৰকাৰী হস্পিটেলৰ ওপৰত আস্থা ৰখা দেখা গৈছে মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান আৰু কর্নাটকৰ মুখ্যমন্ত্রী বিএছ য়েদুৰাপ্পাকো।
ক’ৰোনা সংক্রমিত হৈ ভূপাল আৰু বাঙ্গালুৰুত বেচৰকাৰী হস্পিটেলতেই আছে তেওঁলোক। পিতৃৰ সৈতে বেচৰকাৰী হস্পিটেলত আছে য়েদুৰাপ্পাৰ জীয়াৰীও। কিন্তু ক’ৰোনাত সংক্রমিত হৈ হস্পিটেললৈ যোৱাৰ পৰিৱৰ্তে ঘৰতেই আইছলেচনত থকাৰ সিদ্ধান্ত লৈছে কংগ্রেছ সাংসদ কার্তি চিদম্বৰমে।












