![]()
নিউজ ডেস্কঃ
“নৰেন্দ্রভাই, ৰাখি পঠাব নোৱাৰিলো!” ৰাখি পঠাব নোৱাৰিলেও ৰাখিবন্ধনৰ দিনা পুৱাই লতা মঙ্গেশকাৰে তেওঁৰ প্ৰিয় ভাতৃ নৰেন্দ্রভাইৰ পৰা এটা প্রতিশ্রুতি বিচাৰে। প্রধানমন্ত্রীলৈ প্রবাদপ্রতিম কণ্ঠশিল্পীগৰাকীৰ বার্তা, “দেশৰ জন্য আপুনি ইমান কাম কৰিছে যে, দেশবাসীয়ে কোনো দিন পাহৰিব নোৱাৰে। কথা দিয়ক, দেশক আপুনি নতুন উচ্চতালৈ লৈ যাব।”
‘লতাদিদি’ৰ বার্তা লাভ কৰি নৰেন্দ্র মোদীয়ে তেওঁক কয়, “আপোনাৰ এই আবেগপূর্ণ বার্তাই অসীম প্রেৰণা আৰু শক্তি দিয়ে। কোটি কোটি মা-ভনীৰ আশীর্বাদত আমাৰ দেশে প্রতি দিনে নতুন উচ্চতাত উপনীত হ’ব।”
কেৱল ‘লতাদিদি’য়ে নহয়। প্রধানমন্ত্রীক সোমবাৰে টুইটাৰত সকলোতকৈ আগতে ৰাখিবন্ধনৰ শুভেচ্ছা জনায় আধ্যাত্মিক গুৰু মাতা অমৃতানন্দময়ীয়ে। তেওঁৰ মতে, শ্রীকৃষ্ণই যেনেদৰে গোবর্ধন পাহাৰ আঙুলিত তুলি দুর্যোগৰ পৰা মানুহক ৰক্ষা কৰিছিল, প্রধানমন্ত্রীয়েও অতিমাৰিৰ সময়ত সেই কাম কৰিছে। তাৰ পিছত ক্ৰমে পিটি উষা, অঞ্জু ববি জর্জ, ছাইনা নেহৱাল, পিভি সিন্ধু, মেৰি কম, কর্ণম মালেশ্বৰী, হিমা দাস, দ্যুতি চান্দ, ৰাণী ৰামপাল, মণিকা বাত্রাৰ দৰে ক্রীড়াবিদসকলেও প্রধানমন্ত্রীক ৰাখিৰ শুভেচ্ছা জনায়।
ইফালে আন এক ভনী প্রিয়ঙ্কা গান্ধী ৱাদ্ৰাই ৰাখিৰ দিনা জনায়, তেওঁ তেওঁৰ ককায়েকৰ পৰাই ভালপোৱা, সত্য, ধৈর্য শিকিছে। পুৱা ৰাহুল গান্ধীৰ কংগ্রেছৰ বেনাৰৰ সন্মুখতেই তেওঁৰ সৈতে প্রিয়ঙ্কাৰ আলিঙ্গনৰ ছবি টুইট কৰিছিল। প্রিয়ঙ্কাই জনায়, “এনেকুৱা ককাইদেউ লাভ কৰি মই গর্বিত।”












