![]()
নিউজ ডেক্স:
ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰকোপ তীব্ৰ হোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে মন্দাবস্থালৈ গতি কৰিলে অৰ্থনীতিয়ে৷ বহু মানুহৰ চাকৰি গ’ল৷ আন বহুৰে আয় কমিল৷ কৰ্মসংস্থাপনৰ পথৰ সন্ধান নাপায় এতিয়া এনে অৱস্থা পাইছেগৈ যে শুক্ৰাণুয়ে হৈ পৰিছে আয়ৰ একমাত্ৰ উৎস৷ ইজৰাইলত ৰকেট গতিত বাঢ়িছে শুক্ৰাণু বিক্ৰীৰ হাৰ৷

শেহতীয়া এক সমীক্ষাই এই কথা প্ৰকাশ কৰিছে৷ মধ্যপ্ৰাচ্যৰ এই দেশখনৰ শত শত তৰুণে শুক্ৰাণু বিক্ৰী কৰি পেটৰ ভাত যোগাৰ কৰিছে৷ সম্প্রতি এক আন্তর্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন মতে ইজৰাইলৰ চৰকাৰী চিকিৎসালয়বোৰে কোৱা মতে অন্যান্য সময়ৰ তুলনাত মহামাৰীৰ সময়ত শুক্ৰাণু বিক্ৰীৰ হাৰ এশৰ পৰা তিনিশ শতাংশ বাঢ়িছে৷
আনহাতে বেচৰকাৰী চিকিৎসালয়বোৰত এই পৰিসংখ্যা ১৫ৰ পৰা ৩০ শতাংশ বাঢ়িছে৷ জানিব পৰা মতে একোজন ডনাৰে স্পাৰ্ম বিক্ৰী কৰি হাজাৰ হাজাৰ টকা আয় কৰে৷ জানিব পৰা মতে এই শুক্ৰাণুৰ দাতাসকলৰ ভিতৰত অধিকাংশই শিক্ষার্থী আৰু সামৰিক বাহিনীৰ সদস্য। ইয়াৰ লগতে আছে ক’ৰোনাত চাকৰি যোৱা বা বিনা পাৰিশ্ৰমিকত ছুটীত থকা লোকৰ একাংশ৷ উল্লেখ্য যে ইজৰাইলত নিবনুৱাৰ বৃদ্ধিৰ হাৰ ২১.১ শতাংশ।












