নিউজ ডেক্স:
গৰম পানীত বেটাডিন মিহলাই ৩০ ছেকেণ্ড গাৰ্গল অৰ্থাৎ কুলকুলি কৰিলেই শৰীৰৰ ক’ৰোনা জীৱাণুক নিৰ্মূল কৰিব পাৰি৷ সম্প্ৰতি এক গৱেষণাত জনালে ছিংগাপুৰৰ এদল বিজ্ঞানীয়ে৷ ছিংগাপুৰৰ ডিউক-এনএছএছ মেডিকেল স্কুলৰ এক গৱেষণাত জনোৱা হৈছে যে এণ্টিছেপটিক ক্ৰিম বেটাডিন ক’ৰোনা প্ৰতিৰোধত সক্ষম৷
ইনফেকছাছ ডিজিজ এণ্ড থেৰাপি জাৰ্নেলত প্ৰকাশ কৰা এক ৰিপৰ্টত কোৱা হৈছে যে ৩০ ছেকেণ্ডৰ ভিতৰত ৯৯.৯ শতাংশ ক’ৰোনা ভাইৰাছ ধ্বংস কৰিব পাৰে বেটাডিন এণ্টিছেপটিকে৷ উল্লেখ্য যে চিকিৎসাত টপিকেল এণ্টিছেপটিক হিচাপে বেটাডিন ব্যৱহাৰ কৰা হয়৷ ইয়াৰ ভিতৰত পোভিড’ন-আয়’ডিন উপাদান আছে, যি ক’ৰোনা জীৱাণু বিনাশ ঘটাব পাৰে৷
কেৱল ছিংগাৰপুৰতে নহয়, জাপানৰ বহু গৱেষকে লক্ষ্য কৰিছে, ক’ৰোনা চিকিৎসাত বেটাডিন যথেষ্ট গুৰুত্বপূৰ্ণ৷ গৱেষকে ৪১ জন ক’ভিড ৰোগীৰ ওপৰত বেটাডিন প্ৰয়োগ কৰি চাইছে৷ গৰম পানীত মিহলাই আক্ৰান্তই দিনে চাৰিবাৰ কুলকুলি কৰোৱা হয়৷
দেখা গৈছে আশা কৰা মতে ফল৷ সম্প্ৰতি এই গৱেষণা প্ৰাথমিক পৰ্যায়ত আছে৷ অধিক গৱেষণাৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে ছিংগাপুৰৰ গৱেষকে৷