লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকা : এগৰাকী মহিলাৰ হৃদয়বিদাৰক ক্ৰন্ধন! মমতা মজুমদাৰ নামৰ এই মহিলাগৰাকীৰ উচুপনিয়ে হোজাই শংকৰদেৱনগৰ আদালত চৌহদত আজি এক আবেগিক পৰিৱেশৰ সৃষ্টি কৰে৷
প্ৰাপ্ত খবৰ অনুসৰি হোজাই জিলা লংকাৰ মমতা মজুমদাৰক একে গাঁৱৰে ৰঞ্জিত দাস নামৰ লম্পট যুৱকজনে প্ৰেমৰ চলনাৰে ফুচলাই পলুৱাই লৈ গৈছিল তিনি বছৰ পূৰ্বে৷ বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে ৰঞ্জিত দাসে লামডিঙত মহিলাগৰাকীক ৰাখি তাতে ঘৰ-সংসাৰ চলাই আহিছিল৷ এনেকৈয়ে তেওঁলোকৰ সংসাৰত আগমন হয় এটি কন্যা সন্তানৰ আৰু তাৰ পিছতে মমতাৰ সুখৰ সংসাৰখন ভৰি পৰে অজস্ৰ দুখেৰে৷ মমতাৰ উপৰত আৰম্ভ হয় স্বামীৰ অকথ্য নিৰ্যাতন৷
কেইদিনমান পূৰ্বে কিবা কামৰ অজুহাতত স্বামী ৰঞ্জিত দাসে পত্নী মমতাক পেলাই থৈ মনে মনে গুছি যায়৷ দীৰ্ঘদিন স্বামী ঘৰলৈ ঘূৰি নহাত মমতা স্বামীগৃহত উপস্থিত হয় যদিও শহুৰৰ পৰিয়ালেও মাৰপিট কৰি অকথ্য নিৰ্যাতন চলাই মহিলাগৰাকীক ঘৰৰ পৰা খেদি দিয়ে৷
উপায়ান্তৰ হৈ মহিলাগৰাকীয়ে শংকৰদেৱনগৰ আদালত চৌহদত ন্যায় বিচাৰি এনেদৰে উচুপি উঠে৷ অধিবক্তাসকলৰ হাতে-ভৰিয়ে ধৰি সহায়ৰ বাবে আহ্বান জনায়৷
আদালত চৌহদত মহিলাগৰাকীৰ এই উচুপনিৰ দৃশ্য প্ৰত্যক্ষ কৰে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা তথা ন্যায়িক দণ্ডাধীশ প্ৰনিতা মৰাঙে৷
অৱশেষত প্ৰনিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ আৰু দীপক দেৱনাথে মহিলাগৰাকীক বিনামূলীয়া আইনী সাহায্য প্ৰদানৰ বাবে আগবাঢ়ি আহে৷
হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৎপৰতাত মহিলাগৰাকীয়ে স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে লংকা থানাত তৰা হৈছে এটা গোচৰ৷
হোজাই জিলা আইনসেৱা প্ৰাধিকৰনেও নিজাবৱীয়াকৈ ৰুজু কৰিছে আন এটা গোচৰ৷ সম্প্ৰতি মহিলাগৰাকীক হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰিছে৷
উল্লেখ্য যে, আজিৰ পৰা ৭ বছৰ পূৰ্বে মহিলাগৰাকী বিবাহপাশত আৱদ্ধ হৈছিল কৰিমগঞ্জৰ সন্তোষ সিকদাৰৰ সৈতে৷ স্বামীৰ নিৰ্যাতনত অতীষ্ট হৈ মহিলাগৰাকী পিতৃগৃহত গুছি আহে৷ তাৰ পিছতে লম্পট ৰঞ্জিত দাসে প্ৰেম সুত্ৰে পলুৱাই নিছিল মহিলাগৰাকীক৷
ন্যায় বিচাৰি আদালত চৌহদত মহিলাৰ এই হৃদয় বিদাৰক দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লগতে পুৰুষ প্ৰধান সমাজৰ একাংশ পুৰুষৰ বৰ্বৰতাক লৈও প্ৰশ্নৰ সৃষ্টি হৈছে।