![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ ক’ৰোণা আক্ৰান্তত মৃত্যু হয় ৫ গৰাকী ব্যক্তিৰ। ব্যক্তি কেইগৰাকী আছিল ক্ৰমে কামৰূপ মেট্ৰোৰ ধীৰেণ কলিতা (৫৫), ডিব্ৰুগড়ৰ মনোৰঞ্জন পল (৬৩), তিনিচুকীয়াৰ শ্ৰী ৰাম সুৰাত গোৱালা (৭৭), কৰিমগঞ্জৰ পৰা শেন্তুলাল সাহা (৭০) আৰু আচাব উদ্দীন (৫০)। ইয়াকে লৈ ৰাজ্যত ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ১২৬ গৰাকীলৈ বৃদ্ধি পালে।টুইট যোগে এই কথা জনোৱাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।











