
ডিফু : বৃহস্পতিবাৰ সন্ধিয়া মাঞ্জাৰ ৭ মাইলৰ ওচৰত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি মাঞ্জা থানা এলেকাৰ ৭ মাইলৰ ওচৰৰ ৰাম ইংহি গাঁৱত এটি কৃষক পৰিয়ালৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ডটো ৷ সন্ধিয়া ৫- ১৫ মান বজাত ৰাম ইংহি গাঁৱৰ নিবাসী ছাৰছিং বে’সহ পৰিয়ালৰ লোক ঘৰত নথকা অৱস্থাত তিনিটা কোঠালীযুক্ত টিনৰ ঘৰটোত অগ্নিকাণ্ড সংঘটিত হয় ৷
ঘটনাৰ খবৰ লাভ কৰি মাঞ্জা আৰক্ষীৰ লগতে ডিফুৰ পৰা অগ্নি-নিৰ্বাপক বাহিনীৰ দল ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত ৰংপিৰ নেতৃত্বত দুখন অগ্নি-নিৰ্বাপক বাহনসহ ঘটনা স্থলীত উপস্থিত হৈ জুই নুমুৱাৰ চেষ্টা কৰে যদিও ঘৰখনৰ ভিতৰত ছাৰছিং বে’ পৰিয়ালৰ সকলো নথি-পত্ৰৰ লগতে প্ৰায় লক্ষ্যাধিক টকাৰ সা-সম্পত্তি জুইত জাঁহ যায় ৷ আৰক্ষীৰ সুত্ৰ অনুসৰি অগ্নিকাণ্ডটো বিদ্যুত বিজুতিৰ ফলত সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷










