![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে নতুন কৰোনা সংক্রমণ হৈছিল ৫৬ হাজাৰ। শুক্রবাৰে সেয়া একে কোবে বাঢ়ি হ’ল চাৰে ৬২ হাজাৰ! তাৰ লগে লগে দেশৰ মুঠ আক্রান্তই ২০ লাখ অতিক্ৰম কৰিলে।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৬২ হাজাৰ ৫৩৮ জন নতুনকৈ কোভিডত আক্রান্ত হৈছে।

এটা দিনত সংক্ৰমণৰ এয়া মতুন অভিলেখ। এই সময়ৰ ভিতৰত, আমেৰিকা আৰু ব্রাজিলত নতুন আক্রান্তৰ সংখ্যা যথাক্রমে ৫৮ হাজাৰ ৪৭৩ আৰু ৫৩ হাজাৰ ১৩৯ জন। এটা দিনত আক্রান্ত বৃদ্ধিৰ হিচাবত আজি পুনৰ এক নম্বৰলৈ গুচি গ’ল ভাৰত।
এই বৃদ্ধিৰ ফলত ভাৰতত মুঠ কৰোনা আক্রান্ত হ’ল ২০ লাখ ২৭ হাজাৰ ৭৪ জন। বিশ্বত প্রথম স্থানত থকা আমেৰিকাত মুঠ আক্রান্ত ৪৮ লক্ষ ৮২ হাজাৰ আৰু দ্বিতীয় স্থানত থকা ব্রাজিলত ২৯ লক্ষ ১২ হাজাৰ।

ইফালে বিগত ২৪ ঘণ্টাত সংক্ৰমণৰ হাৰ হৈছে ১০.৮৮ শতাংশ। এই সময়ছোৱাত দেশত কৰোনা পৰীক্ষা হৈছে পাঁচ লাখ ৭৪ হাজাৰ ৭৮৩ জনৰ। আনহাতে, এই পর্যন্ত মুঠ ১৩ লক্ষ ৭৮ হাজাৰ ১০৫ জন কৰোনা আক্রান্ত সুস্থ হৈ উঠিছে। অর্থাৎ দেশত মুঠ আক্রান্তৰ প্রায় ৬৮ শতাংশই সুস্থ। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ৪৯ হাজাৰ ৭৬৯ জন।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, বিগত ২৪ ঘণ্টাত কৰোনাৰ ফলত মৃত্যু হৈছে ৮৮৬ জনৰ। ইয়াকে লৈ দেশত মুঠ ৪১ হাজাৰ ৫৮৫ জনৰ প্রাণ কাঢ়িলে কৰোনা ভাইৰাছে। ইয়াৰ ভিতৰত মহাৰাষ্ট্রত ১৬ হাজাৰ ৭৯২ জন, তামিলনাডুত ৪ হাজাৰ ৫৭১ জন আৰু ৰাজধানী দিল্লীত ৪ হাজাৰ ৫৯ জনৰ মৃত্যু হৈছে।










