
মনোজ কুমাৰ পাঠক
লংকা আৰক্ষীৰ বৃহৎ সফলতা। বিগত কিছু দিনৰ পৰা লংকা চহৰত বাইক চুৰি কাণ্ড সংঘটিত কৰি আৰক্ষীৰ নিদ্ৰা হৰণ কৰা গভাইট বাইক চোৰ নিমাৰ আলী উৰফে মিনাই (৪৬)ক আটক কৰিবলৈ সক্ষম হয় লংকা আৰক্ষী। নগাঁৱৰ দিশৰ পৰা লংকা অভিমুখে এখন মাৰুটি এল্টো গাড়ীৰে আহি থকা অৱস্থাত লংকাৰ ভালুকমাৰী অ’ভাৰ ব্ৰীজৰ সমীপৰ পৰা লংকা আৰক্ষীৰ নিয়মীয়া তহলদাৰী দলে আটক কৰে মিনাইক। লগতে জব্দ কৰে এখন মাৰুটি এল্টো চাৰিচকীয়া বাহনখন। জব্দকৃত গাড়ীখনৰ নম্বৰ AS 02 D 2930। মিনাইৰ ঘৰ লংকাৰ নখুঁটিত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, মিনাই লংকাৰ কেইবাটাও বাইক চুৰি কাণ্ডৰ লগত জড়িত আছিল।
আনহাতে আকৌ, বুধবাৰে লংকাৰ উদালী আৰক্ষী চকীৰ অন্তৰ্গত লাচিত পথাৰৰ নিৰ্বাসী চলমান আহমেদ (১৬) নামৰ এজন কিশোৰ নিজৰ সমন্ধীয় ঘৰ নিলবাগানলৈ গৈ থকা অৱস্থাত হৈছিল নিৰুদ্দেশ। পিছত পৰিয়ালৰ লোক ছালমান আহমেদক নগাঁৱৰ পৰা উদ্ধাৰ কৰে যদিও অপহৰণ ঘটনাৰ লগত জড়িত অপৰাধী ছাইদুল আলমক লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লংকাৰ লাচিত পথাৰৰ পৰা।
উল্লেখ্য যে, ছাইদুল আলমে ২০১৮ চনত হোজাইৰ মোৰাঝাৰৰ আজিৰউদ্দিন নামৰ এজন ব্যক্তিক অপহৰণ কৰি পিছত হত্যা কৰিছিল। অপহৰণ কাণ্ডৰ লগত জৰিত ছাইদুল আলমৰ ঘৰ মোৰাঝাৰত। বৰ্তমান দুই অপৰাধীক লংকা আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত চলাই আছে জেৰা।










