
হোজাই : হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত তাৰাপুৰ গাঁৱৰ এগৰাকী নাবালিকাৰ মনে মনে আয়োজন কৰা হৈছিল বাল্যবিবাহ৷ লংকাৰ লস্কৰ পথাৰৰ পৰা আহিছিল বৰযাত্ৰীৰ দল৷ কিন্তু বৰযাত্ৰী অহাৰ পূৰ্বেই উপস্থিত হ’ল আৰক্ষী, চাইল্ড লাইন আৰু আইন সেৱা প্ৰাধিকৰণৰ দল৷ কথা বিষম দেখি আধা বাটৰ পৰাই বৰযাত্ৰীয়ে কৰিলে পলায়ন ৷
হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ নিৰ্দেশত পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, দীপক দেৱনাথ, চাইল্ড লাইনৰ টিলাৰাম ওৰাং, মনজিত দাস আৰু মোৰাঝাৰ থানাৰ আৰক্ষী ধনেশ্বৰ দাসে বন্ধ কৰিলে বাল্যবিবাহখন৷ আৰক্ষীৰ ৰুদ্ৰমূৰ্তি দেখি কইনাৰ পৰিয়ালৰ লোকে অস্বীকাৰ কৰিলে বাল্যবিবাহৰ কথা৷ কইনাক বোলে আঙুটি পিন্ধাবলৈহে আহিছিল দৰা ঘৰৰ লোকক৷ পিছে নাবালিকা কইনাক আঙুঠি পিন্ধাবলৈ আহি পৰিয়ালটি ৰোষত পৰিল আইনৰ৷
মোৰাঝাৰৰ সাবাজপুৰ গাঁৱৰ সুকুমাৰ দে নামৰ নাবালক যুৱকজনে বান্দৰমেলাৰ পৰা প্ৰেম সূত্ৰে পলুৱাই আনিছিল এগৰাকী ১৬ বছৰীয়া নাবালিকা৷ চাৰি দিনৰ পৰা প্ৰেমিকে নিজ ঘৰতে আবদ্ধ কৰি ৰাখে নাবালিকাগৰাকীক৷ মনে মনে আয়োজন কৰা হৈছিল বাল্যবিবাহৰ৷ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণ, চাইল্ড লাইন তথা মোৰাঝাৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় নাবালিকাগৰাকী৷ ইফালে, নাবালক প্ৰেমিকে ভয়ানক পৰিস্থিতিৰ উমান পায়েই কৰিলে পলায়ন৷
পিছত চাইল্ড লাইনে নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰে৷ ঘটনা সংক্ৰান্তত চাইল্ড লাইনে ৰুজু কৰিছে দুটাকৈ গোচৰ৷ হোজাই জিলাত একেটা দিনতে দুখনকৈ বাল্যবিবাহ অনুষ্ঠিত কৰাৰ ঘটনাই জিলাখনতে সৃষ্টি কৰিছে চাঞ্চল্যৰ।










