
লংকা : লংকাত ৰাষ্ট্ৰীয় ঘাইপথেৰে চালান বিহীনভাৱে শিল, বালি আদি কঢ়িয়াই অনা ট্ৰাক, ডাম্পাৰৰ গাড়ীৰ বিৰুদ্ধে বন বিভাগে অভিযান চলায়৷ লংকাত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাৰ্কেটিঙত শনিবাৰে পুৱাৰ পৰা বন বিভাগে এই অভিযান চলায়৷ উল্লেখ্য যে বিগত কিছু দিনৰ পৰা অসাধু ব্যৱসায়ীয়ে চৰকাৰক কৰ ফাঁকি দি ডৱকা দিশৰ পৰা লংকা-লামডিং অভিমুখে চালান বিহীনভাৱে ট্ৰাক, ডাম্পাৰ আদিত অধিক শিল, বালি আদি কঢ়িয়াই ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ৷
মন কৰিব লগা যে অবৈধভাৱে শিল বালি কঢ়িওৱা ট্ৰাক, ডাম্পাৰে দিনটোত একেখন চালান বা টিপিৰে দুই-তিনিবাৰ কৈ শিল, বালি আদি কঢ়িয়াইছিল৷ বৰ্তমানলৈকে চাৰিখন চালান বিহীন বালি ভৰ্তি ডাম্পাৰ লংকা আঞ্চলিক বন বিভাগে জব্দ কৰিছে৷ এই জব্দ কৰা ডাম্পাৰকেইখন লংকা আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ অনা হয়৷










