![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নৱ প্ৰজন্মৰ হাৰ্টথ শিল্পী জুবিন গাৰ্গ “পথাৰ আমাৰ বজাৰ আমাৰ” শীৰ্ষক কাৰ্যসূচীক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা।কা’ বিৰোধী জুবিনে চৰকাৰীৰ পক্ষৰ সৈতে জড়িত হোৱা কাৰ্যক একাংশ অনুৰাগীয়ে সহজে গ্ৰহণ কৰিব পৰা নাই।যদিও একাংশ সমৰ্থকে জুবিনৰ পৰিকল্পনাক সমৰ্থন কৰিছে।
উল্লেখ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত কৃষিমন্ত্ৰী অতুল বৰাক সাক্ষাৎ কৰাৰ শিল্পী গৰাকীক একাংশই সামাজিক মাধ্যমত বিভিন্ন সমালোচনাৰে সমালোচিত কৰিছে।গুৰুত্বপূৰ্ণ এই যে কৃষি বিভাগে শিল্পী গৰাকীক ব্ৰেণ্ড এম্বেচাদৰ নিযুক্তি প্ৰস্তাৱ আগবঢ়াইছে তাতে একাংশই শিল্পী গৰাকীক বিভিন্ন সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে।

আনহাতে শিল্পী গৰাকীক সামাজিক মাধ্যমত এইদৰে সমালোচনা কৰাৰ পিছতে পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত আক্ষেপ ভৰা পোষ্ট।ফেচবুকত তেওঁ লিখিছে -“কোনেও আৰু একো কথা শুনিব পাতিব আৰু ক’ব নালাগে।জুবিন গাৰ্গ নামৰ ভণ্ড দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচী দিয়া ব্যৱস্থা কৰক”।
উল্লেখ ৰাজ্যত কৃষি বিপ্লৱ সূচনা কৰি যুৱক-যুৱতীক নিযুক্তিৰ বাবে জুবিন গাৰ্গসহ এটা শিল্পী দলে চৰকাৰৰ সৈতে।আলোচনাত মিলিত হৈছে।বৃন্দাবন মাৰ্ট স্থাপন কৰা বাবে শিল্পী গৰাকীয়ে চেষ্টা চলাই থকা বুলি ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে।











