
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ কাকীত বিশ্ব খিলঞ্জীয়া দিৱস উদযাপন। হোজাই জিলা খিলঞ্জীয়া জাতি-জনগোষ্ঠী উন্নয়ণ পৰিষদৰ ব্যৱস্হাপনাত কাকী ৰামপুৰত পালন কৰা হয় এই দিৱস। হোজাই জিলাৰ ১৩টা জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত কাৰ্য্যসূচী স্বৰূপে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্বহীদ দৰ্পন, মাল্য অৰ্পন, বৃক্ষ ৰূপণ আৰু আদিবাসী সকলৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা হয়।
লগতে উক্ত অনুষ্ঠানত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলৰ সমস্যাৰ ওপৰত সভাৰ মাজেৰে বিস্তাৰিত ভাবে আলোচনা কৰা হয়। অনুষ্ঠানটোত উপস্হিত থাকে সদৌ অসম ডিমাছা ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা প্ৰফুল্ল হাফিলা, আছুৰ প্ৰাপ্তন কেন্দ্ৰীয় সমিতিৰ সদস্য মোহণ নাথ, হোজাই জিলা আদিবাসী ছাত্ৰ সন্হাৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ সদস্যসকল।










