
ডিফু : বছৰি বুজন পৰিমাণৰ ৰবৰ উৎপাদন কৰাৰ পিছতো উৎপাদিত সামগ্ৰীৰ সমূচিতমূল্য লাভৰ পৰা বঞ্চিত হৈ লোকচানৰ সন্মুখীন হৈ অহা কাৰ্বি আংলং জিলাৰ ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সকাহদি জিলাখনত উৎপাদিত ৰবৰসমূহ উচিত মূল্যত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰাষদে ক্ৰয় কৰা প্ৰক্ৰিয়াৰ আজি শুভাৰম্ভ কৰা হয়। আজি দিনৰ প্ৰায় এঘাৰ বজাত মাঞ্জাৰ লুম্বাজং সমবায় সমিতিৰ প্ৰাংগনত আজি ইয়াৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ পাহাৰীয়া এলেকাৰ কেইবা হাজাৰ বিঘা মাটিত বছৰি বুজন পৰিমাণৰ ৰবৰ উৎপাদন কৰা হৈ আহিছে । কৃষকৰ কঠোৰ শ্ৰমৰ বিনিময়ত উৎপাদিত হোৱা এই কেচামালসমূহৰ বজাৰত অধিক মূল্য লাভ নকৰাৰ ফলত জিলাখনৰ ৰবৰ খেতিয়কসকলে বছৰি বুজন পৰিমাণৰ লোকচানৰ সন্মুখীন হৈ আহিবলগীয়া হৈছিল। জিলাখনৰ ৰবৰ খেতিয়কসকলৰ এনে দুৰ্দশা সম্পৰ্কে যোৱা ১৭ মে’ত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ আলোচনা কক্ষত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত ৰবৰ খেতিয়কসকলে প্ৰতি কিলোগ্ৰামত ৮০ টকা দৰত ৰবৰ বিক্ৰী কৰিবলগীয়া হোৱাত খেতিয়কসকল লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হয় ।
উক্ত আলোচনাৰ অন্তত জিলাখনৰ ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলৰ কল্যাণৰ বাবে উৎপাদিত ৰবৰসমূহ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ তৰফৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি সৰ্বাধিক দহ হেক্টৰ পৰ্যন্ত ভূমিত ৰবৰ উৎপাদন কৰা ক্ষুদ্ৰ কৃষকসকলৰ পৰা পৰিষদে নূন্যতম প্ৰতি কিলোগ্ৰাম ৰবৰ ১৩০ টকা দৰত ক্ৰয় কৰি হ’ব।
কেৱল পঞ্জীভুক্ত ৰবৰ খেতিয়কসকলৰ পৰাহে পৰিষদে ৰবৰ ক্ৰয় কৰিব বুলি লগতে জানিব পৰা গৈছে । পৰিষদৰ এনে পদক্ষেপৰ ফলত বছৰ বছৰ ধৰি উপযুক্ত বজাৰৰ অভাৱত লোকচানৰ সন্মুখীন হৈ অহা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকল উপকৃত হ’ব বুলি আশা কৰা হৈছে। আজিৰ এই অনুষ্ঠানত পৰিষদৰ কেইবাগৰাকীও সদস্য আৰু কাৰ্যবাহী সদস্য উপস্থিত থাকে।










