
নখুঁটী বিট বন বিষয়া আৰু কাকী বন কৰ্মীৰ যৌথ অভিযানত নখুঁটীৰ ভিতৰুৱা পাহাৰী অঞ্চল, নামনিগাঁৱৰ পৰা জব্দ কৰে পঞ্জীয়ন বিহীন অবৈধ চেগুণ কাঠ ভৰ্ত্তি টাটা ম’বাইল গাড়ী। জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় পঞ্চাশ হাজাৰ টকা বুলি প্ৰাপ্ত সূত্ৰই প্ৰকাশ কৰে ৷
ইপিনে বন কৰ্মী যোৱা কথা জানিবলৈ পাই গাড়ী এৰি পলায়ন কৰে গাড়ীখনৰ চালক৷ বৰ্তমানে অবৈধ চেগুণ কাঠ ভৰ্ত্তি টাটা ম’বাইল গাড়ীখন নখুঁটী বিট বন বিষয়া কাৰ্যালয়লৈ অনা হয়৷ উল্লেখ্য যে লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা এনেদৰে মূল্যবান গছ কাটি বন মাফিয়াই চলাই আহিছে বন ধ্বংস যজ্ঞ৷










