
“ক’ৰনা সুযোগ গ্ৰহণ কৰি অসম চৰকাৰে এপ্ৰিল মাহৰ পৰা দিয়া নাই দীনদয়াল দিব্যাংগ আঁচনিৰ ধন”- গুৰুত্বৰ অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমৰ সম্পাদক নৃপেন মলাকাৰ। উল্লেখ আঁচনি অনুসৰি প্ৰতি মাহে এক হাজাৰ টকালৈ লাভ কৰিছিল ৰাজ্যৰ দিব্যাংগসকলে।
যিটো সময়ত ৰাজ্য চৰকাৰে ক’ৰনা নামত সমাজৰ বিভিন্ন শ্ৰেণীক সহায়-সহযোগিতা কৰি আহিছে। একে সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে কৰা প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৰাজ্য চৰকাৰে – মলাকাৰে লগতে কয়।
গুৰুত্বপূৰ্ণ কথা এই যে সমাজ কল্যাণ বিভাগৰ পৰা যোৱা ২২ জুলাইত ৰাজ্য বিত্ত বিভাগলৈ ধনৰাখি মুকলি কৰা বাবে পত্ৰ প্ৰেৰণ কৰা হৈছিল। ১ লাখ ৬০ হাজাৰ ৬১২ জন লোকৰ বাবে মুকলি কৰি দিব লগা ধনৰাখি পৰিমাণ হৈছে ৪৮ কোটি ১৮ লাখ ৩৬ হাজাৰ টকা। কিন্তু ৰহস্যজনকভাৱে ১৮ দিন ধৰি ধনৰাখি অসম চৰকাৰৰ বিত্ত বিভাগে মুকলি কৰি দিয়া নাই – সম্পাদকগৰাকীয়ে কয়।
ইফালে বিত্ত বিভাগক সকীয়নী প্ৰদান কৰি সম্পাদক মালাকাৰে কয় – “অহা ২৪ ঘন্টা ভিতৰত যদি প্ৰতিবন্ধীসকলৰ ধনৰাখি মুকলি কৰি নিদিয়ে তেন্তে ১৫ আগষ্টৰ আশে-পাশে অসমৰ যিকোনো কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰতিবন্ধীসকলে। যোগ্য প্ৰত্যুত্তৰ অসম চৰকাৰে পাব”।











