![]()
নিউজ ডেস্কঃ
ধূমপান স্বাস্থ্যৰ পক্ষে ক্ষতিকৰ। এইটো সকলোৱেই জানে। কিন্তু ধূমপান এনে এটি নিচা যে নিচাত এবাৰ জড়িত হৈ পৰিলে তাৰপৰা ওলাই অহাটো টান। কিন্তু চেষ্টা কৰিলে সকলোৱেই সম্ভৱ। আকৌ বহুতে হাজাৰ প্রচেষ্টাতো তাত ব্যর্থ। বৰ্তমান সময়ত কেৱল ল’ৰাই নহয়, ছোৱালীয়েও নিয়মিতভাৱে ধূমপান কৰে। বলিউডৰ অভিনেতাৰ পৰা অভিনেত্রী- বহুতেই আছে সেই তালিকাত।
যিসকলৰ কোনোবাই ধূমপান হয়তো কোনো কাৰণবশত এৰিছে, কিন্তু বহুতেই আকৌ সেইটো কৰিবলৈ অক্ষম। আহকচোন জানো বলিউডৰ চেন্স স্মকাৰসকলক।

বলিউডৰ প্রাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতা সেন দীর্ঘদিন ধৰি ধূমপানৰ নিচাত আসক্ত। বহু দিন ধৰি এই নিচা এৰিবৰ চেষ্টা কৰিছে তেওঁ।

বলিউডৰ কিং শ্বাহৰুখ খান ধূমপানত নিয়মিত গভীৰভাবে আসক্ত। এটি সাক্ষাৎকাৰত তেনে জনাইছিল যে প্রতিদিনে ১০০টাকৈ চিগাৰেট তেওঁ খায়। আনকি খাদ্য খাব পাহৰি গ’লেও ধূমপান কৰিবলৈ কেতিয়াও নাপাহৰে।

ৰণবীৰ কাপুৰে মাত্র ১৫ বছৰ বয়সতে ধূমপান আৰম্ভ কৰিছিল। আনকি শ্বুটিং চলি থকা অৱস্থাতো ধূমপানৰ বাবে একাধিকবাৰ বিৰতিও লয় অভিনেতাগৰাকীয়ে। তেওঁৰ এই অভ্যাসৰ কাৰণে পৰিচালকসকলো মাজে-সময়ে বিৰক্ত হয়।

ৰাণী মুখাৰ্জীও ধূমপানত আসক্ত। আৰু সেয়া তেওঁ প্রকাশ্যে স্বীকাৰো কৰিছিল। ধূমপান ত্যাগ কৰা তেওঁৰ পক্ষে অসম্ভৱ, এইটো তেওঁ স্পষ্টভাৱে জনাইছিল।
অজয় দেৱগণো চেন্স স্মেকাৰ আছিল এটা সময়ত। কিন্তু সন্তানৰ কাৰণেই তেওঁ ধূমপান কৰা এৰি দিয়ে।

মাত্র ১৯ বছৰ বয়সতেই ধূমপান আৰম্ভ কৰিছিল বলিউডৰ বিতৰ্কিত ৰাণী কঙ্গনা ৰাণাৱাত। আৰু ইমানেই আসক্ত হৈ পৰিছিল যে তেওঁ দিনত প্ৰায় ১০-১২টাকৈ চিগাৰেট খাইছিল।

সঞ্জয় দত্ত। কেৱল ধূমপানেই নহয়, যিমান ধৰণৰ নিচা আছে প্রায় সকলো নিচাতেই তেওঁ আসক্ত। আনকি জে’লত থকা সময়তো তেওঁক ধূমপান কৰিবলৈ দিয়া হৈছিল।
কঙ্কনা সেন শর্মাইও এটা সময়ত ধূমপান এৰি একমুহূর্তও থাকিব নোৱাৰিছিল।

বলিউডি অভিনেত্রী মনীষা কৈৰালাৰো ধূমপানৰ নিচাত আসক্তি আছিল। তাৰ পিছত কেন্সাৰত আক্রান্ত হৈ দীর্ঘদিন ভুগি বর্তমান নতুন জীৱন ঘূৰাই পাইছে অভিনেত্রীগৰাকীয়ে।










