
অসম চুক্তি ৬নং দফা পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদন সদৌ অসম ছাত্ৰ সন্থাই মঙলবাৰে ৰাজহুৱা কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্য প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবেদন ৰাজহুৱা কৰি জটিলতা বৃদ্ধি কৰাৰ বাহিৰে একো কৰা নাই আছুৱে। ৰাজহুৱা নকৰা হেঁতেনো হ’ল হয় বুলি মন্ত্ৰী শৰ্মাই কয়।
কমিটিয়ে পৰামৰ্শ দিছে অসমীয়াৰ সংজ্ঞা সেইয়া বিধানসভা মাজেৰে গৃহীত হ’ব লাগিব। বিধানসভাত যি দিনালৈ অসমীয়া সংজ্ঞা নিৰূপণ নহ’ব তেতিয়ালৈ কেন্দ্ৰীয় চৰকাৰে একো কৰিব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মা কয়- ৬নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী কৰা বাবে ২ বছৰৰ সময় দিয়া হৈছে। ৫ মাহত ইয়াৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে চৰকাৰে। কিন্তু পাঁচ মাহতে চৰকাৰৰ স্থিতি সন্দেহ কৰি ৰাজনীতি কৰিছে। সদৌ অসম ছাত্ৰ সন্থা বৰ্তমানে ৰাজনৈতিক দল। তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে দিয়া অভিযোগ ৰাজনৈতিক মঞ্চ পৰা প্ৰদান কৰিছে বুলি শৰ্মাই লগতে কয়।
ইফালে ১৯৫১ চনৰ ভিত্তিত অসমীয়া চিনাক্ত কিদৰে কৰিব পৰা হ’ব। পুনৰ এখন এন আৰ চি প্ৰস্তুত কৰিব লাগিব নেকি সেই সন্দৰ্ভত মৌন হৈ আছে কমিটি বুলি কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয়– বাঘবৰ- জনিয়া সমষ্টিক অসমীয়াৰ বাবে সংৰক্ষণ কৰিলে নিৰ্বাচনত কোন জিকিব।
ৰাজনৈতিক মঞ্চ পৰা কৰা সকলো মন্তৱ্য নিৰ্বাচনী সভাত প্ৰদান কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে আছুক কটাক্ষ কৰি কয়। জনতা ভৱনত সম্বোধন কৰা সংবাদমেলত এই কথা অসম চৰকাৰৰ হৈ মন্ত্ৰী শৰ্মাই প্ৰদান কৰা বুলিও উল্লেখ কৰে।











