
গুৱাহাটী : ভাৰতীয় জনতা পাৰ্টিৰ এই চৰকাৰখনে সদায়েই নাৰী সবলীকৰণ আৰু নাৰীৰ অৰ্থনৈতিক স্বাৱলম্বীতাৰ ওপৰত বিশেষ গুৰুত্ব দি আহিছে। অসমত এতিয়াও এনে বহু ঠাই আছে য’ত বহু নাৰীয়ে ধনৰ অভাৱত পৰ্যাপ্ত পুষ্টি লাভ কৰিবলৈ সক্ষম নহয়। ফলত তেওঁলোকে অৰ্থনৈতিক স্বাৱলম্বীতাৰ যুঁজখনত নামিব পৰা নাই। এই সকলোবোৰৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ এই চৰকাৰখনে এক বৃহত্তম পদক্ষেপ হাতত লৈছে।
বৰ্তমানৰ চৰকাৰখনে ২০২০-২১ বৰ্ষৰ বাজেটত বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অষ্টাদশ উন্নয়নৰ মুকুতামালাৰ সৰ্ববৃহৎ, অনন্য তথা প্ৰথমটো মুকুতা “অৰুণোদয়” মুকলি কৰাৰ লগতে কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰাৰ কাৰণে আজি যি সিদ্ধান্ত লৈছে সেয়া আদৰণি জনায় ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমলৈ পঠোৱা এক প্ৰেছ বিবৃতিৰ জৰিয়তে সভাপতিগৰাকীয়ে উল্লেখ কৰে যে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় নাৰীৰ আৰ্থ-সামাজিক উন্নতিয়েহে সমাজ তথা দেশৰ সৰ্বাংগীণ উন্নতি সাধন কৰিব এই কথা কৈ আহিছে আৰু অসম চৰকাৰৰ যোৱা বিত্তীয় বাৰ্ষিক বাজেটতো তাৰে প্ৰতিফলন সকলোৱে দেখিছিল।
বাজেটৰ ঘোষণা অনুসৰি আজিৰ পৰা আৰম্ভ হ’বলগীয়া এই সৰ্ববৃহৎ ২,৮০০,০০ কোটি টকাৰ বাজেটৰ এই অভিলাসী আঁচনিখনে অসমৰ নাৰী সমাজৰ উত্থানত বিশেষ ভুমিকা ল’ব। এই আঁচনিৰ অধীনত বছৰি ২ লাখ টকাৰ তলৰ আয়ৰ প্ৰতিটো পৰিয়ালৰ তত্বাৱধায়কৰূপে থকা মহিলাগৰাকীয়ে প্ৰতি মাহে বেংকযোগে ৮৩০ টকাকৈ লাভ কৰিব যি বছৰি হ’বগৈ প্ৰায় ১০ হাজাৰ টকা।
এই ৮৩০ টকাৰ ঔষধ ক্ৰয়ৰ বাবে থাকিব ৪০০ টকা, ৪ কি:গ্ৰা: ৰেচনৰ ৫০% ৰাজসাহায্যৰ বাবে থাকিব ২০০ টকা, ৪ কি:গ্ৰা: চেনিৰ ৫০% ৰাজসাহায্যৰ বাবে থাকিব ৮০ টকা আৰু ফল-মূল, পাচলিৰ বাবে থাকিব ১৫০ টকা।
আনহাতে, এই আঁচনিৰ সুবিধা যাতে সঁচাকৈয়ে যোগ্যজনে লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰত ৱাচিং মেচিন, এচি, ৰেফ্ৰীজাৰেটৰ, ট্ৰেক্টৰ, চাৰিচকীয়া বাহন, বেটাৰী চালিত নাও, ১৫ বিঘাতকৈ অধিক ভূমি আদি থকা পৰিয়াল বা ভিন্ন ক্ষেত্ৰত জড়িত চৰকাৰী ঠিকাদাৰ আদিক আঁচনিখনৰ পৰিসৰৰ পৰা বৰ্জন কৰি অবিবাহিত, বিবাহ বিচ্ছেদ হোৱা মহিলা, বিধৱা আদিক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। সঁচাকৈয়ে এইখন এখন অভিলাসী আঁচনি যি আঁচনিৰ জৰিয়তে বহু দৰিদ্ৰ মহিলাই কিছু হ’লেও সকাহ পাব আৰু পৰ্যাপ্ত পুষ্টি লাভ কৰি অৰ্থনৈতিক স্বাৱলম্বীতাৰ যুজঁখনত সবল নেতৃত্ব দিব পাৰিব।
এনে এখন আঁচনিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিশেষ ধন্যবাদ জনায় ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। আৰু লগতে আশা প্ৰকাশ কৰে যে “অৰুণোদয়” আঁচনিখনে সঁচাকৈয়ে নাৰী সবলীকৰণৰ ক্ষেত্ৰত অসমত এক নতুন দিগন্তৰ সূচনা কৰিব।











