![]()
নিউজ ডেস্ক:
আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি পদৰ দৌৰত ভাৰতীয় বংশোদ্ভৱ কমলা হেৰিছ। তাৰ পিছৰ পৰাই আমেৰিকাৰ ৰাষ্ট্ৰপতি নির্বাচনক লৈ উন্মাদনা অলপ বেছিকৈয়ে বাঢ়ি গৈছেছে ভাৰতত। তাৰ মাজতেই এইবাৰ কেৰালাৰ এগৰাকী জ্যোতিষীয়ে ভৱিষ্যদ্বাণী কৰিছে এইবাৰ ট্ৰাম্পে হাৰ মানিবই লাগিব ডেমক্ৰেট প্রার্থী জো বাইডনৰ হাতত।
হাৰিব ট্রাম্প
ৰাষ্ট্ৰপতি নির্বাচনৰ দৌৰত পিছ পৰিব ডোনাল্ড ট্রাম্প। আগুৱাই যাব ডেমক্ৰেট প্ৰাৰ্থী জো বাইডন। এই ভৱিষ্যদ্বাণী কৰিছে কেৰালাৰ এগৰাকী জ্যোতিষীয়ে। মার্কিন ৰাষ্ট্ৰপতিগৰাকীৰ জন্ম তাৰিখসহ একাধিক সংখ্যা তত্ব হাতত লৈয়েই এই গৱেষণা কৰিছে তেওঁ। তাৰ পিছতেই তেওঁৰ দাবী, জো বাইডনৰ হাতত পৰাস্ত হ’বলৈ আগবাঢ়িছে ডোনাল্ড ট্রাম্প।
সংখ্যা তত্বত আগুৱাই আছে বাইডন
কেৰালাৰ জ্যোতিষীজনৰ গৱেষণাই কৈছে, নৱেম্বৰ মাহত মার্কিন ৰাষ্ট্ৰপতি নির্বাচন। সেই সময়ত মঙ্গলে ভৰ কৰি থাকিব ট্রাম্পৰ ভাগ্যত। যাৰ কাৰণে জো বাইডন বহুখিনি সুবিধাজনক অৱস্থানত থাকিব বুলি জনাইছে কেৰালাৰ জ্যোতিষীজনে।










