
হত্যা, দেশদ্ৰোহীতা আদি বিভিন্ন অপৰাধত অপৰাধী এজন ব্যক্তি৷ এইজন ব্যক্তি এতিয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ শীৰ্ষ পদবীধাৰী৷ ইপিনে দেশৰ স্বাধীনতা দিৱসলৈ আগত আছে মাত্ৰ কেইটামান ঘণ্টা ৷ এনে সময়তে আহিছে এক নতুন বিৰ্তক৷ য’ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৃঢ় পদক্ষেপৰ কথা আহি পৰিছে৷ এইজন ব্যক্তি আন কোনো নহয়৷ তেওঁ হ’ল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱোলাল গৰ্লোচা৷ এই দেৱোলাল গৰ্লোচা এতিয়া সোমাই পৰিছে আন এক বিৰ্তকত।
উল্লেখ্য যে পাৰ্বত্য জিলাখনৰ সদৰ হাফলঙত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। কিন্তু দেৱোলাল গৰ্লোচাই যোৱা বছৰ ১৫ আগষ্টত দিয়া ভাষণ আৰু শেহতীয়া আইনী মোকৰ্দমা, গোচৰৰ ধাৰা ইত্যাদিৰ পৰিপেক্ষিতত কোনোপধ্যেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব নোৱাৰে বুলি ৰাজ্যখনৰ ৰাজনৈতিক আৰু সচেতন মহলে মন্তব্য কৰিছে। মন কৰিব লগা যে অসম বিধানসভাৰ প্ৰাক্তন বিধায়ক সমৰজিৎ হাফলংবাৰে মুখ্যমন্ত্ৰীক অৰ্পণ কৰা এক পত্ৰত ৰাষ্ট্ৰীয় পতাকাখনৰ সন্মানৰ স্বাৰ্থতেই দেৱোলাল গৰ্লোচাৰ পৰিৱৰ্তে হাফলঙত পাৰ্বত্য উন্নয়ন মন্ত্ৰী অথবা স্থানীয় বিধায়কগৰাকীক হাফলঙত পতাকা উত্তোলনৰ দায়িত্ব অৰ্পণ কৰা উচিত বুলি উত্থাপন কৰিছে।
হাফলংবাৰে পত্ৰখনত উল্লেখ কৰা অনুসৰি দেৱলাল গৰ্লোচাৰ ওপৰত হত্যাকাণ্ড আৰু ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধৰ আশ্ৰয় লোৱা দেশদ্ৰোহীতাৰ ধাৰা সন্নিৱিষ্ট ৫খনকৈ চাৰ্জশ্বীট থকাৰ উপৰি গৃহ বিভাগৰ দায়িত্বত থকা স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে দেশদ্ৰোহীতাৰ গোচৰ চলাবলৈ অনুমতি প্ৰদান কৰিছে। অসম চৰকাৰ বনাম দেৱলাল গৰ্লোচাৰ আইনী যুঁজ চলি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ত।
ইয়াৰ পিছতো অসম চৰকাৰে কিদৰে দেৱলাল গৰ্লোচাক পতাকা উত্তোলন কৰিব দিব। তদুপৰি যোৱা বছৰ ১৫ আগষ্টৰ পতাকা উত্তোলনৰ ভাষণত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্য পূৰ্ণেন্দু লাংথাছা আৰু নিন্দু লাংথাছাৰ দেশ কপোৱা হত্যাকাণ্ডক ন্যাৰ্যতা প্ৰদান কৰিছিল দেৱলাল গৰ্লোচাই। সেই ভাষণৰ ওপৰত প্ৰয়াত নিন্দু পুত্ৰ ডেনিয়েল লাংথাছাই পৰিষদৰ অধিৱেশনতেই সাংবিধানিক পদত থকা ব্যক্তিয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ ভাষণত হত্যাকাণ্ডৰ ঘটনাক ন্যায্যতা প্ৰদান কৰিলে সমাজত কি প্ৰভাৱ পৰিব বুলিও দেৱলালক উভতি ধৰিছিল। এই সমগ্র তথ্য প্ৰাক্তন বিধায়ক হাফলংবাৰে মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত উল্লেখ কৰিছে।
আনহাতে পৰিষদৰ প্ৰাক্তন চিইএম দেৱজিৎ থাউচেনেও ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ ডিমা হাছাওৰ জিলা উপায়ুক্তৰ জৰিয়তে দেশদ্ৰোহী আৰু হত্যাকাৰী ব্যক্তিক ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি পত্ৰ প্ৰেৰণ কৰিছে। বুধবাৰে হাফলঙৰ নিজা বাসভৱনত এক সংবাদমেলৰ আয়োজন কৰি পবিত্ৰ ৰাষ্ট্ৰীয় পতাকাখনক দেৱলাল গৰ্লোচাৰ নিচিনা হাতত তেজৰ চেকুৰা লাগি থকা মানুহ এজনক স্বয়ং মুখ্যমন্ত্ৰীয়ে কিদৰে চুবলৈ দিব যি নিজেই গোচৰ চলোৱা অনুমতি দিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
ইফালে, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা পৰিষদৰ প্ৰাক্তন চিইএম প্ৰকান্ত ৱাৰিছায়ো দেৱলালক পতাকা উত্তোলন কৰাৰ পৰা বাৰণ কৰিব লাগে বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছে।












